Assam Rifles jawan shoots self after firing at colleagues : অসম ৰাইফলছৰ শিবিৰত সতীৰ্থৰ নিৰ্বিচাৰ গুলীবৰ্ষণ; আহত ৬গৰাকীকৈ জোৱান

নেশ্যনেল ডেস্ক, ২৪ জানুৱাৰী : গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে হিংসাত্মক ঘটনা ৷ শান্ত হোৱা নাই মণিপুৰ । অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনাৰ । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি যায় ৰাজ্যখন। ইয়াৰ মাজতে পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(6 Jawans Injured As Assam Rifles Jawan Fires At Colleagues Before Shooting Self)।
এইবাৰ অসম ৰাইফলছৰ শিবিৰত ভয়ংকৰ অঘটন । সংঘৰ্ষ জৰ্জৰ মনিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত নিয়োজিত অসম ৰাইফলছৰ শিবিৰত ভয়ংকৰ অঘটন।
জানিব পৰা মতে, মণিপুৰৰ ছান্দেল জিলাৰ চাজাক টাম্পাক স্থিত অসম ৰাইফলছৰ শিবিৰত সতীৰ্থৰ নিৰ্বিচাৰ গুলীবৰ্ষণত আহত হয় ছয়গৰাকীকৈ জোৱান। চাংপি বাইটে নামৰ হাবিলদাৰ জনে চলাইছিল নিৰ্বিচাৰ গুলী। সতীৰ্থক আক্ৰমনৰ কৰি নিজৰ শৰীৰত গুলীয়াই আত্মহত্যাৰ প্ৰচেষ্টা চলাই গুৰুতৰভাবে আহত হয় আক্ৰমণকাৰী জোৱানজনো। গুৰুতৰভাবে আহত তিনিজন জোৱানক হেলিকপ্টাৰেৰে ইম্ফলৰ সেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে তিনিজনক স্থানীয় অসম ৰাইফলছৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে(6 jawans injured as Assam Rifles soldier fires at colleagues before shooting self)।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ঘটনাৰ অন্তৰালত থকা কাৰণ(6 jawans injured as Assam Rifles soldier fires at colleagues before shooting self)।
উল্লেখ্য যে, চলিত বৰ্ষৰ ২০ জানুৱাৰীত ছুটী সমাপ্ত কৰি শিবিৰটোত যোগদান কৰিছিল কুকি সম্প্ৰদায়ৰ আক্ৰমনকাৰী জোৱান জনে।