Assam Rifles jawan killed : দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী জোৱানৰ মৃত্যু

নিউজ ডেস্ক,২১ এপ্ৰিল : দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী জোৱানৰ মৃত্যু । মণিপুৰত উগ্ৰপন্থীৰে সংঘৰ্ষত নিহত আছাম ৰাইফলছৰ জোৱান । নিহত আছাম ৰাইফলছৰ জোৱানজন গহপুৰৰ গোপাল বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে(Assam Rifles jawan killed) ।
উল্লেখ্য যে, শনিবাৰে নিশা মনিপুৰৰ শ্ৰীপুৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আছাম ৰাইফলছৰ জোৱান জনৰ ঘৰ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীত।শনিবাৰে নিশা ১০ বজাৰ পৰা ১১ বজালৈকে পত্নীৰ লগত ফোন যোগে কথা-বতৰা হৈছিল গোপালৰ। ফোনত পত্নীক যোৱা নিশা ১২ বজাৰ পৰা নাইট ডিউটি থকাৰ কথাও কৈছিল।
কিন্তু দুৰ্ভাগ্যজনক ভাবে আজি পুৱতি নিশা প্ৰায় ৩ বজাত গোপাল বিশ্বকৰ্মাৰ পত্নীলৈ আহে স্বামীৰ মৃত্যুৰ খবৰ। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকাচ্ছন্ন হৈ পৰে সমগ্ৰ ৰজাবাৰী অঞ্চলৰ লগতে গহপুৰ মহকুমা। কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক।মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জীয়ৰী, বৃদ্ধা আৰু চাৰিজন ভাতৃৰ উপৰিও বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।
লগতে পঢ়ত : Assam Lok Sabha Election 2024 : শিলচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’