Local, Vocal, Global

Assam Popy Hazarika bags gold 37th National Games : ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম জীয়ৰীৰ সাফল্য

নিউজ ডেস্ক, ২৬অক্টোবৰ: ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ জীয়ৰীৰ সাফল্য । গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত যোগ্যতা অৰ্জন কৰিলে অসমৰ কন্যা পপী হাজৰিকাই । নেচনেল গেমছত যোগ্যতা অৰ্জন কৰি অসমৰ জীয়ৰী ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে(Assam’s Popy Hazarika bags gold in 59 kg weightlifting category) ।

উল্লেখ্য যে, ২৫ অক্টোবৰৰ পৰা গোৱাত অনুষ্ঠিত হৈছে ৩৭ সংখ্যক নেচনেল গেমছ । য’ত অংশগ্ৰহণ কৰিছে ভাৰতৰ ২৮ খনৰ ৰাজ্যৰ ১০ সহস্ৰাধিক খেলুৱৈয়ে(37th National Games)।

অহা ৯ নৱেম্বৰত অন্ত পৰিব ক্ৰীড়া মহোৎৱৰ। এই প্ৰতিযোগিতাত অসম কন্যা পপী হাজৰিকাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ভাৰোত্তোলনত মহিলাৰ ৫৯ কেজি শাখাত ভাগ লৈ সোণৰ পদক লাভ কৰে। জানিব পৰা মতে, ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৭ সহস্ৰাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ লৈছিল(Assam Popy Hazarika bags gold 37th National Games)।

ইয়াৰ পূৰ্বে পপী হাজৰিকাই ২০২৩ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়ানশ্বিপত মহিলাৰ ৫৯ কেজি শাখাতো স্বৰ্ণ পদক লাভ কৰিছিল।

লগতে পঢ়ক : Drug Bust in Hatigaon Leads to Three Arrest including Women : মহানগৰীৰ হাতীগাঁৱত জব্দ ব্ৰাউন চুগাৰ