Local, Vocal, Global

অসম আৰক্ষীৰ বৃহৎ সাফল্য, জব্দ বুজন পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক,১৭ ফ্ৰেব্ৰুৱাৰীঃ পুনৰ বোকাজানৰ বৰপথাৰ আৰক্ষীৰ বৃহৎ সাফল্য। বৰপথাৰ আৰক্ষীয়ে যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে বুজন পৰামাণৰ মণিপুৰী গাঞ্জা।

ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী AS12AC3477 নম্বৰৰ বাছৰ পৰা ৫২ কেজি গাঞ্জা জব্দ কৰে বৰপথাৰ আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য পাঁচ লাখৰো অধিক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে নাকা তালাচীত জব্দ কৰে উক্ত গাঞ্জাখিনি। লগতে গাঞ্জাখিনিৰ সৈতে এটা গাঞ্জা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।

আজমল হুছেইন নামৰ সৰবৰাহকাৰীটোৱে গাঞ্জাখিনি নগাঁৱলৈ সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে।