অসম আৰক্ষীৰ বৃহৎ সাফল্য-১৩৪ কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক,১৬ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সোণাপুৰৰ নাজিৰাখাতস্থিত টোলগেটত গুৱাহাটীৰ পূৱ জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বিবাকনন্দ দাস আৰু সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ সহযোগত পুৱতি নিশা প্ৰায় ১.৩০ বজাত ১৩৪ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। লগতে দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা দুজন খাঞ্জেম্বাম মাংগী সিং (৪৩) আৰু শগোলচেম মাংলেমজাও সিং (৩২) বুলি চিনাক্ত কৰা হৈছে। এই ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ থৌবাল জিলাৰ বাসিন্দা।
এই অভিযানত ৪.৬ লাখ য়াবা টেবলেট, ১২ কেজি মেথ আৰু ১.৫ কেজি হেৰোইনসহ ড্ৰাগছৰ সামগ্ৰী উদ্ধাৰ কৰে।
উল্লেখ্য যে, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 01 9937 নম্বৰৰ ট্ৰাক এখনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।