Local, Vocal, Global

Assam Police Seize Huge Quantity of Heroin : তিতাবৰত জব্দ বুজন পৰিমাণ নিচা জাতীয় টেবলেট

নিউজ ডেস্ক, ২১মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা (Assam Police Seize Huge Quantity of Heroin in Titabor) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে নিতৌ সলনি কৰিছে কৌশল । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিয়নীত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

বুধবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত অভিযান চলাই মৰিয়নীত(Assam Police Seize Huge Quantity of Heroin)।

জানিব পৰা মতে, হেঙুল থিয়েটাৰৰ সমীপৰ যোগেন্দ্ৰ সিং নামৰ লোক এজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত যোগেন্দ্ৰ সিং নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে নিষিদ্ধ ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট।

উল্লেখ্য যে, বুধবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া নেতৃত্বত থকা আৰক্ষী আৰু ১১৯ নং চি আৰ পি এফ বেটেলিয়নৰ যৌথ সহযোগত মৰিয়নী ৰে’ল ষ্টেচনৰ পৰা দীনেশ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দীনেশৰ স্বীকাৰোক্তিৰ ভিত্তিতে মৰিয়নীৰ যোগেন্দ্ৰ সিঙৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় । অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে নগদ ৪০ হাজাৰ টকা জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

ইতিমধ্যে আৰক্ষীয়ে ধৃত যোগেন্দ্ৰ সিং আৰু দীনেশ দাসক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Assam Police STF Nabs ISIS Leader Haris Farooqi And Accomplice In Dhubri : ধুবুৰীত গ্ৰেপ্তাৰ ISISৰ দুই শীৰ্ষ পৰ্যায়ৰ নেতা