Local, Vocal, Global

Assam Police seize heroin worth Rs 5.5 crore in Guwahati : মহানগৰীত এছটিএফ ৰ অভিযান;অভিযানত ৫.৫ কোটি টকাৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,১৯অক্টোবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ( Police arrest two, seize heroin worth Rs 5.5 crore in Guwahati)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷

এইবাৰ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী যেন নিষিদ্ধ ড্ৰাগছৰ ভাণ্ডৰ হৈ পৰিছে।গুৱাহাটী মহানগৰীত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ (এছটিএফ) অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

জানিব পৰা মতে, বৃহস্পতিবাৰ নিশা গুৱাহাটী মহানগৰীত এছটিএফৰ দলে অভিযান চলাই । অভিযানত প্ৰায় ৫.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ ৬৯১ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে(Assam Police seize heroin worth Rs 5.5 crore in Guwahati)।

ঘটনা সন্দৰ্ভত এছটিএফৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই কয় যে , নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা এছটিএফ অসমে গুৱাহাটীৰ চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত চানমাৰি উৰণীয়া সেঁতুৰ সমীপত অভিযান চলায়। অভিযানত দলটোৱে দুই ড্ৰাগছ সৰবৰাহকাৰীকসহ এখন স্কুটিও জব্দ কৰে ।

পাৰ্থ সাৰথি মহন্তই কয়, “তালাচীৰ সময়ত এছটিএফ দলে তেওঁলোকৰ পৰা ৬৯১ গ্ৰাম হেৰ’ইন, দুটা ম’বাইল ফোন জব্দ কৰে । ১০ টা চাবোনৰ বাকচ আছিল হেৰ’ইনখিনি । জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫.৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । আটকাধীন লোককেইজন ক্ৰমে সন্দীপ সিং (৩৪) আৰু মনোজ ডেকা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।”

তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে প্ৰয়োজনীয় আইন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Wild elephanat death : নুমলীগড়ৰ মৰঙিত বন্যহস্তীৰ কৰুণ মৃত্যু