Local, Vocal, Global

Assam police seize heroin and methamphetamine : কাছাৰত জব্দ হেৰ’ইন আৰু মেথাম ফেটামাইন, জব্দ ৫০টা চাবোনৰ বাকচত ১.৫৩১ কেজি হেৰ’ইন

নিউজ ডেস্ক, ৩০ জানুৱাৰী : কাছাৰ আৰক্ষীৰ সফল অভিযান । সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী(Assam police seize heroin and methamphetamine) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Cachar Police seized huge amount of Heroin and Methamphetamine tablet) ।

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(Assam police seize heroin and methamphetamine in Cachar, two arrested) ।

এইবাৰ কাছাৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । সোমবাৰে নিশা ধলাই সমষ্টিৰ লোকনাথপুৰত অভিযান চলাই আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৫০টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত দুই সৰবৰাহকাৰীৰ আটক কৰে ।

জব্দকৃত বাকচ কেইটাৰ পৰা মুঠ ১.৫৩১ কেজি হেৰ’ইন জব্দ কৰা হয়। লগতে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৪৬০গ্ৰাম মেথাম ফেটামাইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ”ইন আৰু মেথাম ফেটামাইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। জব্দকৃত এই ড্ৰাগছ খিনিৰ মূল্য কেবা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধলাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : 24 Assam Rifles Seizes 90,000 WY Tablets Worth Over Rs 13 Crores : মণিপুৰত জব্দ ১৩ কোটি টকাৰ নিচাজাতীয় টেবলেট