One Women Arrested With Drugs : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police Raid Against Drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান(One Women Arrested With Drugs) ।
ধুবুৰীত আৰক্ষীৰ অভিযান । অভিযানত আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক । ধুবুৰীৰ আৰক্ষীয়ে হাতে লুটে আটক কৰে মহিলা গৰাকীক । ধৃত মহিলা গৰাকী ঘৰৰ পৰা ১৬ টাকৈ ড্ৰাগছ ভৰ্ত্তি কন্টেনাৰ জব্দ কৰে ।
জানিব পৰা মতে, বিদ্যাপাৰাৰ বাসিন্দা তমছেৰ আলী আৰু পত্নী বাহাতন নেছা দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল । স্বামী তমছেৰ আলী ওৰফে শাখা পলায়ন কৰে ।
ইফালে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকৰ অভিযোগত আটক কৰে বাহাতন নেছাক নামৰ আন এজন লোকৰ ।