Assam Police open fires in Tinsukia : তিনিচুকীয়াত গভাইত চোৰক এনকাউন্টাৰ
নিউজ ডেস্ক, ৭ মাৰ্চ : পুনৰ ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা। এইবাৰ চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনাটো(Assam Police open fires in Tinsukia) ।
তিনিচুকীয়া আৰু মাকুম চহৰত সন্ত্ৰাস চলোৱা মুন্না শ্বাহ নামৰ এটা চোৰক আৰক্ষীৰ এনকাউণ্টাৰ। বাওঁ ভৰিত গুলী লাগি আহত মুন্না শ্বাহ।দীৰ্ঘদিনে মুন্না শ্বাহে তিনিচুকীয়াত চুৰিকাৰ্য কৰি সৃষ্টি কৰিছিল সন্ত্ৰাস(Assam Police open fires in Tinsukia, one injured) ।
জানিব পৰা মতে, বুধবাৰে মাকুমত চহৰত চাৰিখনকৈ দোকানত লুটপাত চলাইছিল মুন্না শ্বাহ নামৰ চোৰটোৱে । তাৰ পিছতে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে তিনিচুকীয়া ৰাইডাৰ পাৰ্টীয়ে যুটীয়া অভিযান চলাই । অভিযানত পুৱতিনিশা তিনিচুকীয়াত আটক কৰিবলৈ সক্ষম হয় লোহাৰী কছাৰী গাঁৱৰ মুন্না শ্বাহক(Assam Police open fires in Tinsukia)।
আৰক্ষীয়ে আটক কৰা পিছতে মুন্না শ্বাহে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত মুন্না শ্বাহৰ বাওঁ ভৰিত গুলী লাগে। বৰ্তমান গুলীবিদ্ধ মুন্না শ্বাহক চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ হাস্পতৈললৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক : বজাৰত বহিৰাগত গামোছা আৰু পাৱাৰলুম গামোছা নিষিদ্ধ কৰাৰ বাবে হাতে-কামে সাজু হৈছে কলিয়াবৰ শিপিনীসকল