Local, Vocal, Global

Assam Police officers raises hand with bribe in Fakirganj : পুনৰ খাকী পোচাকত দাগ লগালে আৰক্ষী বিষয়াই

ফকিৰগঞ্জ ,১৫জুলাই : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Assam Police officers raises hand with bribe in Fakirganj)।

পুনৰ খাকী পোচাকত দাগ লগালে এজন আৰক্ষী বিষয়াই ৷ এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল আৰক্ষী বিষয়া । উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাৰ দলৰ অভিযানত হাত দাঙিলে এজন আৰক্ষী বিষয়াই । সোমবাৰে দুৰ্নীতিৰ নিবাৰক শাখাৰ জালত পৰিল ফকিৰগঞ্জ আৰক্ষী থানাৰ কৰ্মৰত বিষয়া ফজিয়াল হক ।

উল্লেখ্য যে, বিষয়াগৰাকীয়ে ভুক্তভোগীৰ পৰা ৩০ হাজাৰ টাক উৎকোচ বিচাৰিছিল গোচৰ নিষ্পত্তিৰ বাবে। ইয়াৰে আজি ভুক্তভোগীৰ পৰা ৮০০০ টকা লোৱাৰ সময়ত হাতে লোটে মুখ্যমন্ত্ৰী দুৰ্নীতিৰ নিবাৰক শাখাৰ দলে উপস্থিত হৈ আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে ।

সম্প্ৰতি দুৰ্নীতিৰ নিবাৰক শাখাৰ দলে ইতিমধ্যেই বিষয়া গৰাকীক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Businessman Fatally Shot Dead by Dacoits in Goalpara : সোমবাৰে অশোক গোৱেলৰ বাসগৃহত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন