Local, Vocal, Global

Assam Police in Touch with NIA on Blasts : যোৰহাট সেনা ছাউনীৰ ভয়ংকৰ বিস্ফোৰণ তদন্ত কৰিব NIA ই

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : যোৰহাট বিস্ফোৰণৰ তদন্তৰ বাবে আজি আহিব NIA । সেনাৰ উচ্চ পৰ্যায়ৰ দলে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে । এইবাৰ NIAৰ দলে তদন্ত কৰিব যোৰহাট বিস্ফোৰণৰ তদন্ত ।

উল্লেখ্য যে, বৃহস্পতিবাৰে যোৰহাটৰ সেনা ছাউনীৰ কাষত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । এই বিস্ফোৰণৰ ঘটনাৰ উৎস বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আজি NIA ৰ দল ঘটনাস্থলীলৈ যাব (NIA to probe grenade blasts claimed by ULFA-I in Assam)।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি লিচুবাৰীস্থিত সেনাৰ ৪১ চাব এৰিয়াত সেনাৰ বোমা বিশেষজ্ঞৰ এটা দল উপস্থিত হৈছিল আৰু দলটোৱে বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত অনুসন্ধান চলাইছিল। কিন্তু বৰ্তমানলৈ নিশ্চিত হোৱা নাই এই বিস্ফোৰণ গ্ৰেণেড , IED নে আন কোনো সামগ্ৰীৰ দ্বাৰা কৰা হৈছিল(Assam Police in Touch with NIA on Blasts) ।

প্ৰাথমিক তথ্য অনুসৰি, বিস্ফোৰণটোৰ শব্দৰ প্ৰাবল্য বহু বেছি আছিল কিন্তু বিস্ফোৰণস্থলীত বিস্ফোৰণৰ ফলত কোনো বিশেষ ক্ষয় ক্ষতি হোৱা নাছিল।

এই ঘটনাটো বৃহস্পতিবাৰে যোৰহাটত সেনা শিবিৰৰ সমীপত নিশা প্ৰায় ৭ বাজি ২০ মিনিটত সংঘটিত হৈছিল। যোৰহাটৰ বিস্ফোৰণৰ ঘটনাটোৰ দায়িত্ব আলফা (স্বাঃ)এ স্বীকাৰ কৰিছে।

লগতে পঢ়ক : Gold smuggling foiled in Shillong : শ্বিলঙত জব্দ ১.৪২ কোটি টকাৰ সোণ