WATCH | Assam Police IC suspended in Barpeta : বৰপেটাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বৰপেটা,৪জুন : বৰপেটাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন। নিলম্বিত আৰক্ষী বিষয়াগৰাকী লোকমান আলি আহমেদ। চুৰি কাণ্ডৰ তদন্তত হোৱা গাফিলতিৰ অভিযোগত নিলম্বন আৰক্ষী বিষয়াগৰাকীৰ(Assam Police IC suspended in Barpeta)।
বৰপেটা জিলাৰ কুকাৰপাৰ গাঁৱৰ ছবুৰউদ্দীন আহমেদ নামৰ চিকিৎসক জনৰ নিজ বাসগৃহৰ পৰা কোনো নথকাৰ সুযোগ বুজি নগদ ধন প্ৰায় ২ কৌটি আৰু মূল্যবান সা-সৰঞ্জাম চোৰৰ দলে লুটি নিছিল কিছুদিন পূৰ্বে।
ঘটনা সন্দৰ্ভত চিকিৎসক ছবুৰউদ্দীন আহমেদে ১০ মে’ তাৰিখে মাজদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু চুৰি কাণ্ডৰ তদন্তত গাফিলতি কৰাৰ কাৰণেই নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয় তদন্তৰ গাফিলতি কৰিছিল বিষয়া জনে।
লগতে পঢ়ক : WATCH | Orang National Park : ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানীত প্লাৱিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান