Local, Vocal, Global

Assam Police Drive Against Cattle Smuggling :গোলকগঞ্জ আৰক্ষীৰ অভিযান, অভিযানত জব্দ বিলাসী বাহনসহ ৫ টা গৰু

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

ধুবুৰীৰ গোলকগঞ্জ থানাৰ আৰক্ষীৰ অভিযান । এক গোপন তথ্যৰ ভিত্তিত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে । অভিযানত বিলাসী বাহনসহ ৫ টা গৰু জব্দ।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা প্ৰায় ১২-০০ বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত এই অভিযান । অভিযানত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱাৰ পৰা এএছ ০১ ই ৩২৪৭ নম্বৰৰ ছেন্ট্ৰ’ বাহন এখন অনুসৰণ কৰি যোৱাৰ পিচত পশ্চিম কানুৰীত স্থানীয় ৰাইজৰ সহযোগত গাড়ীখন আটক কৰে। অৱশ্যে চালকজন পলাই যাবলৈ সক্ষম হয়।

ইয়াৰ পাছত আৰক্ষীয়ে বাহনখনৰ পৰা ৫ টা চোৰাং গৰু উদ্ধাৰ কৰে। আৰক্ষীৰ দলটোৱে বাহনখনসহ জব্দকৃত গৰুকেইটা গোলকগঞ্জ আৰক্ষী থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Arunachali liquor seized in Sonitpur : শোণিতপুৰৰ চাৰিদুৱাৰৰ ফৰেষ্টগেটত জব্দ সুৰা ভৰ্তি ট্ৰাক