Local, Vocal, Global

Assam Police Drive Against Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন।

অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

এইবাৰ মৰিগাওঁ জিলাৰ নেলী আৰক্ষী থানাৰ অন্তৰ্গত বৰখালত জব্দ ৮ টাকৈ চোৰাং গৰু।

জানিব পৰা মতে, জব্দকৃত গৰুকেইটা কেইটা অসম- মেঘালয় সীমান্ত পাৰ কৰিবলৈ লুকুৱাই থোৱা অৱস্থাত আছিল। আৰক্ষীয়ে সূত্ৰৰ আধাৰত অভিযান চলাই এই চোৰাং গৰু কেইটা জব্দ কৰে।

মন কৰিবলগীয়া যে, মাত্ৰ ২৪ ঘণ্টাৰ পূৰ্বেও জব্দ কৰা হৈছিল ৩৩ টাকৈ গৰু। এ এছ ০২ চি চি ২২৮৯ আৰু এ এছ ০১ এইছ চি ৯৫৮৩ নম্বৰৰ দুখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছিল এই গৰু কেইটা। অবৈধ সৰবৰাহকাৰীয়ে এই গৰুসমূহ নেলী হৈ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ কৰে আৰক্ষীয়ে। এইদৰে মাত্ৰ এটা সপ্তাহতে নেলীৰ পৰা জব্দ কৰা হৈছে ১০১ টা গৰু।

লগতে পঢ়ক : Veteran Musician Ramen Barua missing : ৪৮ ঘণ্টা উকলিল ! সন্ধান নাই ৰমেন বৰুৱাৰ