Assam Police Drive Against Cattle Smugglin : সোণাপুৰত ট্ৰাকসহ জব্দ ৩৭টা গৰু,আটক সৰবৰাহকাৰী
সোণাপুৰ,২৮জুলাই : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন।
অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
এইবাৰ সোণাপুৰৰ নাজিৰাখাটত ৩৭টা গৰুসহ জব্দ এখন ট্ৰাক। আটক এজন চোৰাং বেপাৰী।
দেওবাৰে সোণাপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই । অভিযানত নাজীৰাখাটত ৩৪ টাকৈ চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। নিতৌ ন ন কৌশল প্ৰয়োগ কৰি গৰু সৰবৰাহ কৰি আছে এচাম অসাধু ব্যৱসায়ীয়ে। ইতিমধ্যে গৰু ছিণ্ডিকেটৰ লগত জড়িত সোণাপুৰৰ চামতাৰ আবু তাহেৰ নামৰ যুৱক এজনক সোণাপুৰ আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে । বৰ্তমান আবু তাহেৰক সোধ পোচ অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।