Arrest Made in Gorajan Murder Case:ৰূপহীহাটৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ নতুন মোৰ
নিউজ ডেস্ক,৩ডিচেম্বৰ : ৰূপহীহাটৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ নতুন মোৰ। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা গড়াজান হত্যা কাণ্ডৰ অভিযোগত আন এজন গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ গুনধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰক।সোমবাৰে এখন সংবাদ মেলৰ জৰিয়তে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এই কথা সদৰী কৰে।
গ্ৰেপ্তাৰ গুনধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰক ৰূপহীহাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে এছ আই টিয়ে(One held in Gorajan murders in Assam)।
নগাঁৱৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি অনুপমে হত্যাকাণ্ডৰ নিশা গড়াজানৰ গুনধৰ সৰকাৰৰ বাসগৃহৰ পৰা ভাহি অহা চিঞৰ বাখৰ শুনি ঘৰটোত প্ৰৱেশ কৰি অনুপমৰ বৰ্বৰ কাণ্ড দেখা পায়। প্ৰৱেশ কৰিয়ে অনুপমে প্ৰত্যক্ষ কৰে যে প্ৰথমে জ্যোতিস্মতা সৰকাৰ আৰু গুনধৰ সৰকাৰক হত্যা কৰাৰ পিছত সৰুজনি সৰকাৰক দাৰে কাটি আছিল(Assam police arrest one for involvement in Gorajan murder case)।
অমলে পিছফালৰ পৰা অনুপমক সাৱটি ধৰি খুৰীয়েকৰ প্ৰাণ বচোৱাৰ চেষ্টা কৰে যদিও অনুপমে অমল সৰকাৰকো দা খনেৰে আক্ৰমণ কৰাত তেওঁ ভৰিত আঘাত পায়।
দুয়োৰে মাজত হতাহতিও হৈছিল। তিনি জনকৈ লোকক একেখন ঘৰত হত্যা কৰা অনুপমে পিছত অমলকো হত্যা কৰাৰ প্ৰচেষ্টা চলায়।যদিও আত্মৰক্ষাৰ বাবে অমলে একে খন দাৰে আক্ৰমণ কৰাত ঘটনাস্থলীত অনুপম সূত্ৰধৰৰ মৃত্যু হয়(Arrest Made in Gorajan Murder Case)।
একেখন দাৰেই চাৰি জনক লোকক হত্যা কৰা বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। ইতিমধ্যে অমলে উক্ত ঘটনাৰ বিষয়ে স্বীকাৰোক্তি প্ৰদান কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে।
আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে অনুপম আৰু গুনধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যাৰ মাজত ২০২২ লৈ সম্পৰ্ক আছিল আৰু পিছলৈ সম্পৰ্ক ব্যাহত হয়। অনুপম আৰু প্ৰেমিকাৰ মাজত গোচৰো হৈছিল।
তদুপৰি আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকক জনায় যে প্ৰেমিকাৰ সৈতে চলিত বৰ্ষত বিয়া ঠিক হোৱা কুশল সৰকাৰৰ ঘৰত গৈ অনুপমে ভাবুকি দিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে জ্যেষ্ঠ কন্যা আৰু মৃত জ্যোতিস্মিতাৰ মাজত উক্ত দিনা সন্ধিয়া ৭-৪৯ বজাত অন্তিমবাৰৰ বাবে মোবাইল ফোনত যোগাযোগ হৈছিল আৰু আৰক্ষীয়ে ৮-১৮ বজাত ভয়াৱহ হত্যাকাণ্ডটোৰ বিষয়ে জানিব পাৰিছিল।
উল্লেখযোগ্য যে আজি দশম দিনা অসম আৰক্ষীয়ে অংশুমানক হত্যা কৰাৰ অভিযোগত গুনধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক :Prime Minister Narendra Modi will visit Assam:অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী