Assam Police arrest 3 KLO members : নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বোমা;আটক ৩ KLO সদস্য
নিউজ ডেস্ক,২মে’ : নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এক ভয়ংকৰ কূটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিল বাসুগাঁও অঞ্চল।
চিৰাঙৰ বাসুগাঁৱত নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বোমা(Assam Police arrest 3 KLO members in Basugaon)।
জানিব পৰা মতে, চিৰাঙৰ বাসুগাঁৱত আৰক্ষীয়ে অভিযান এক অভিযান চলাই । অভিযানত ৩ জন KLO সদস্য আটক কৰে। ধৃত KLO সদস্যৰ তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে কচুদোলাৰ চম্পা নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত বোমা উদ্ধাৰ কৰে।
আটকাধীন সদস্যকেইজন ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মণ ওৰফে লংকেশ্বৰ কোচ ওৰফে লম্বু, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ উৎপল ৰায় ওৰফে পঙ্কজ কোচ আৰু বঙাইগাঁও জিলাৰ নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মন বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বুধবাৰে নিশা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত বাসুগাঁও চহৰৰ ষ্টেচনৰোডৰ এখন হোটেলৰ পৰা বাসুগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এই তিনিজন কেএলঅ’ সদস্য আটক কৰিছিল( 3 KLO members arrested by State Police in Basugaon) ।