Local, Vocal, Global

Assam police and the Indian Army hold meeting : ডিব্ৰুগড়ত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক

নিউজ ডেস্ক,১৮আগষ্ট: দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক । ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে উজনিৰ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকৰ লগত এই বৈঠক অনুষ্ঠিত হয়(Assam police and the Indian Army hold meeting in Dibrugarh) ।

১৫ আগষ্ট,বৃহস্পতিবাৰে আলফা স্বাধীনে এক বিবৃত্তিযোগে বোমা সংস্থাপিত কৰাৰ কথা জনোৱাৰ পাছতে‌ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত‌ হয় অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হৰমিৎ সিং, আই জি পি পার্থ সাৰথি মহন্ত । ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত অনুষ্ঠিত হোৱা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰিছে ।

জানিব পৰা মতে, ৭৮ সংখ্যক স্বাধীনতা আন্দোলনৰ সময়ত আলফা স্বাধীনে ৰাজ্যৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোক প্ৰাধান্য প্ৰদান কৰিয়েই এই আলোচনা অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে (Assam police and the Indian Army hold meeting)।

উল্লেখ্য যে আজি ডিব্ৰুগড়ত সম্পন্ন হৈ যোৱা বৈঠক সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই।

লগতে পঢ়ক : Mayong Indrajal Magic Festival Celebrated : মৰিগাঁৱৰ মায়ঙত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ