Bhogali Bihu : আজি হেঁপাহৰ ভোগালীৰ উৰুকা , লগে ভাগে এসাঁজ খাবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি
নিউজ ডেস্ক, ১৪ জানুৱাৰী : আজি হেঁপাহৰ ভোগালীৰ উৰুকা। ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ(Bhogali Bihu)। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। নিশা ভেলাঘৰত কাষত খাব লগা ভাত এসাঁজৰ বাবে পুৱাই মাছৰ বজাৰত ভিৰ ৰাইজৰ। হাঁহ আৰু মাংসৰ বজাৰতো ভিৰ ৰাইজৰ। লাড়ু আৰু পিঠা কিনিবলৈয়ো গ্ৰাহকে ভিৰ কৰিছে বজাৰত। দৈ আৰু গুৰৰ বজাৰতো খদমদম গ্ৰাহকৰ। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত।
সমগ্ৰ ৰাজ্যতে অসমীয়াৰ বাপোতি সাহোন মাঘ বিহু অৰ্থাৎ ভোগালীক লৈ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে। লাড়ু-পিঠাকে আদি কৰি তৰহে তৰহে বনোৱা সুস্বাদু খাদ্য সম্ভাৰৰ আমোলমোল গোন্ধ, ঢেঁকীৰ চেৱে সমগ্ৰ ৰাজ্যখনতে সৃষ্টি কৰিছে এক উছৱৰ পৰিৱেশ(Assam people Celebrates Bhogali Bihu) ।
ৰাজ্যখনৰ প্ৰতিটো অঞ্চলত নিৰ্মাণ কৰি তোলা বিভিন্ন আৰ্হিৰ মেজিবোৰে সকলোকে কৰিছে আকৰ্ষিত ৷ ওখ ওখ মেজিবোৰে যেন আকাশহে চুবলৈ হাত মেলিছে, চৌদিশে এনেবোৰ দৃশ্যই এতিয়া পৰিলক্ষিত হৈছে ।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বজাৰসমূহত উভৈনদী হৈ পৰিছে বিভিন্ন মাছ। সকলোৱে নিজৰ পছন্দৰ মাছটো কিনিবলৈ ঢপলিয়াই আহিছে মাছৰ বজাৰলৈ।প্ৰতিখন বজাৰতে ভৰি পৰিছে ৰৌ, ভকুৱা, চিতল, বৰালী, আৰিৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সীমাহীন ব্যস্ততা।
আজি উৰুকা সেয়েহে পুৱাৰে পৰাই ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে চিতল, ৰৌ, ভকুৱা আদি বিভিন্ন মাছেৰে ৷ চৌদিশে উথপথপ পৰিৱেশ ৷ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ পাৰভঙা উছাহ ৷ প্ৰচণ্ড শীতক নেওচি পুৱতি নিশাৰে পৰা ক্ৰেতা-বিক্ৰেতাৰ খদমদম ৷ইফালে গ্ৰাম্যাঞ্চলত মহিলাসকলৰ কাৰোৰে যেন গাত নাই তৎ ৷ প্ৰতিঘৰৰ পৰা ওলাই আহিছে ঢেকীৰ চাৱ ৷ কোনোৱে যদি ঢেকী দিছে, আন কোনোৱে আকৌ পিঠা ভাজিছে । এনেদৰেই এতিয়া তিল পিঠা, তেল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আদি বিভিন্ন সুস্বাদু খাদ্যসম্ভাৰৰ প্ৰস্তুতিৰ পৰ্ব সম্পূৰ্ণ কৰিছে ।সমান্তৰালভাৱে বিহুগীতৰ তালে তালে কঁকাল ভাঙি নাচিছে আইতাৰ পৰা জীয়ৰীলৈ সকলোৱে ৷
ভোগৰ বিহু ভোগালী মানেই সৰভোগৰ দৈ ৷ সৰভোগৰ এঠা দৈ অবিহনে যেন আধৰুৱা হেঁপাহৰ ভোগালী ৷ দুগ্ধ নগৰী সৰভোগৰ দৈ গোটেই ৰাজ্যবাসীৰ কাৰণে সদা সমাদৃত ৷