WATCH | Assam Panchayat Election 2025: বৰক্ষেত্ৰীত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰণডংকা
নলবাৰী,৬এপ্ৰিল : বৰক্ষেত্ৰীত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰণডংকা। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজনৈতিক কুচকাৱাজত ব্যস্ত কংগ্ৰেছ দল।
শনিবাৰে বৰক্ষেত্ৰীৰ কাপলাবড়ীত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে কংগ্ৰেছ দলৰ কৰ্মীসকলক লগত লৈ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত ১৫খন মণ্ডলৰ কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৰক্ষেত্ৰী ব্লকৰ অন্তৰ্গত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলে কাক আৰু কেনেদৰে প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাৰ ওপৰত বিশদ আলোচনা কৰাৰ বাবে আজিৰ এই সভাখন অনুষ্ঠিত কৰা বুলি বিধায়ক দিগন্ত বৰ্মনে জানিবলৈ দিয়ে। লগতে আজিৰ সভাত CPI(M) আৰু অসম জাতীয় পৰিষদৰ লগতো পঞ্চায়ত নিৰ্বাচনত কেইখনমান আসনৰ ক্ষেত্ৰত বুজাবুজি কৰিব বুলি উল্লেখ কৰে বিধায়ক দিগন্ত বৰ্মনে(Assam Panchayat Election 2025 )।
আনহাতে,পঞ্চায়তসমূহৰ পুনঃনিৰ্ধাৰণ কৰাৰ ফলত এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিছু অসুবিধাৰ সৃষ্টি হ’ব যদিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে সফলতা লাভ কৰিব বুলিও কয় বিধায়ক দিগন্ত বৰ্মনে।
লগতে পঢ়ক : WATCH | Bihu Workshop : জামুগুৰিহাটৰ ইটাখোলাত অনুষ্ঠিত ১৫ দিনীয়া বিহু কৰ্মশালাৰ সামৰনি অনুষ্ঠান সম্পন্ন