Local, Vocal, Global

WATCH | Assam Orunodoi Scheme : বিজেপিক ভোট দিয়া বুলি প্ৰমাণ কৰিলেহে পাব অৰুণোদয় আঁচনিৰ ধন

বকো,২২মে’ : বিজেপিক ভোট দিয়া বুলি প্ৰমাণ কৰিলেহে পাব অৰুণোদয় আঁচনিৰ ধন। অন্যথা বঞ্চিত হ’ব চৰকাৰী আচঁনিৰ পৰা।

বৰ্তমান শাসনাধীন চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি ধোৱা চাঙত। অৰুনোদয়ৰ নামত ৰাম তাঙোন সাধাৰণ গঞাৰ মূৰত । যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি চৰকাৰে সততে দাবী কৰি আহিছে তেনে সময়ত দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ । সদ্য ঘোষিত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছতে উত্থাপন হৈছে এই অভিযোগ(Assam Orunodoi Scheme)।

বিজেপিক ভোট দিয়া হেনো প্ৰমাণ লাগে দায়িত্বত থকা সকলোক । নহলে পৃথকে অকলে লগ কৰিব লাগে সাধাৰণ গঞাই । লগতে অভিযোগ উত্থাপন হৈছে যে এখন অৰুণোদয় পত্ৰৰ নামত লাগে টকা । অভিযোগ অনুসৰি বকোৰ মৈৰাচৰাৰ কৰ্ণেবৰীৰ নিবাসী তথা বি জে পিৰ নেতা আবু তালেৱ,মছলেউদ্দিন আহমেদ, আনিছুল হক আৰু জাহাংগীৰ আলীয়ে অৰুণোদয়ৰ নামত কৰি আছে বৃহৎ কেলেংকাৰী । চৰকাৰে এনেবোৰ দুৰ্নীতি নিৰ্মূল কৰণ কৰিব পাৰিব নে? নে চৰকাৰৰ দ’লৰ কৰ্মী হিচাপে ধুকি নাপাব তেওলোকক, সেয়াহে হ’ব লক্ষণীয়।

লগতে পঢ়ক : WATCH | Sensational incident : শোকৰ ছাঁ ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহনন কৰা নলবাৰীৰ গোলক ৰাজবংশী ঘৰত