Local, Vocal, Global

WATCH | Assam Orunodoi Scheme : “হিমন্ত মামা মোক অৰুণোদয় দিয়ক” মাতৃ-পিতৃহাৰা দৃষ্টিহীন যুৱতীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান

মৰান,২৬মাৰ্চ : খোৱাঙৰ ভগামুৰত অৰুণোদয় আঁ‌চনিত নাম কৰ্তনক লৈ মহিলাৰ প্ৰতিবাদ।

পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ মহিলাৰ

মাতৃ-পিতৃহাৰা দৃষ্টিহীন যুৱতীয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে “হিমন্ত মামা মোক অৰুণোদয় দিয়ক”

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণোদয় আঁ‌চনিত নাম কৰ্তনক লৈ ক্ষোভিত হৈ পৰিছে খোৱাং সমষ্টিৰ ডেৰ শতাধিক মহিলা । খোৱাং ভগামুৰ আৰু ভগামুৰ তিনিআলিৰ শতাধিক মহিলা একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ(Assam Orunodoi Scheme) ।

ইয়াৰে ভগামুৰৰ ৪০ গৰাকী আৰু ভগামুৰ তিনিআলিৰ ১১০ গৰাকী মহিলাৰ নাম কৰ্তন কৰিলে অৰুণোদয় আঁ‌চনিৰ পৰা । বিজেপি বুথ কমিটিৰ হৰ্তা-কৰ্তা হীৰা কলিতা আৰু পংকজ কলিতাৰ বিৰুদ্ধে এইসকল মহিলাৰ নাম কৰ্তনৰ অভিযোগ উঠিছে ।

বিশেষভাৱে সক্ষম মহিলাৰ নামো আঁ‌চনিখনৰ পৰা কৰ্তন কৰি দিয়া হৈছে । মাতৃ-পিতৃহাৰা দৃষ্টিহীন যুৱতীয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে “হিমন্ত মামা মোক অৰুণোদয় দিয়ক ।” বানবিধ্বষ্ট দৰিদ্ৰ পৰিয়ালকেইটাৰ মহিলাসকলে অৰুণোদয় আঁ‌চনিত নাম অন্তভূক্ত নহলে পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিছে ।

লগতে পঢ়ক : WATCH | Youth goes missing: জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰাৰ যুৱক নিৰুদ্দেশ