Local, Vocal, Global

WATCH | Assam Orunodoi Scheme 2025 : ধুবুৰীত ফলিমাৰীত অৰুণোদয় ৩.০ ত ব্যাপক অনিয়মৰ অভিযোগ

ধুবুৰী,১৩মাৰ্চ : ধুবুৰীত ফলিমাৰীত অৰুণোদয় ৩.০ ত ব্যাপক অনিয়মৰ অভিযোগ । ধন নিদিয়াৰ বাবে অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ ৷

অৰুণোদয়ৰ তালিকাত সোমাল চৰকাৰী চাকৰিয়ালৰ পত্নীৰ নাম ৷ ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী ফলিমাৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তালিকাৰ পৰা বাদ পৰা ব্যক্তি সকল পালেগৈ ধুবুৰী সদৰ থানা(Assam Orunodoi Scheme 2023)।

ধুবুৰী চহৰৰ পাশ্বৱৰ্তী অঞ্চল ফলিমাৰী গাৱঁ পঞ্চায়তৰ দ্বিতীয় খণ্ডত স্থানীয় অৰুণোদয় বাছনি কমিটিয়ে প্ৰকৃত হিতাধিকাৰীক বাছনি প্ৰক্ৰিয়াৰ পৰা বাদ পেলাই ধনী আৰু চৰকাৰী চাকৰিয়ালৰ পত্নী আৰু পৰিয়ালৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। বাছনি প্ৰক্ৰিয়াৰ দায়িত্ব থকা স্থানীয় অৰুণোদয় কমিটিৰ জামাল খান আৰু ছফিয়াল হকৰ বিৰুদ্ধে থানাত জনোৱাৰ পাছতে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে।

লগতে পঢ়ক : WATCH | 3 Assam teenagers sold in Rajasthan, rescued : ৰাজস্থানত বিক্ৰী কৰা বৰাকৰ ৩ কিশোৰীক উদ্ধাৰ