Local, Vocal, Global

WATCH | Assam Orunodoi Scheme: ৰাজ্যত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী!

ধেমাজি,১৫মাৰ্চ : ৰাজ্যত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী।

যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য হিতাধিকাৰী অৰুণোদয় আচঁনিৰ তালিকাত নাম থকাক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ

ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সমদল উলিয়াই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিক্ষোভ কাযসুচী ৰূপায়ন কৰা হয়(Assam Orunodoi Scheme)।

আজি উক্ত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল পৰিবেশ উত্তাল কৰি তোলা লগতে ধেমাজিত জনসংখ্যা হিচাপত অৰুণোদয় আঁচনি হিতাধিকাৰী সংখ্যা কম সেয়েহে হিতাধিকৰী সংখ্যা বৃদ্ধি কৰা।

অৰুনোদয় আঁচনি জৰিয়তে ১২৫০ টকা পৰিবৰ্তে ৩০০০ টকা প্ৰদান কৰা ।

অৰুণোদয় লাভ কৰি থকা যোগ্য হিতাধিকাৰি সকলক বাহাল ৰখাৰ ।

যোগ্য হিতাধিকাৰিক নিৰ্বাচন কৰা লগতে অৰুনোদয় আঁচনিত ধন লৈ নাম অন্তৰ্ভুক্ত কৰা বন্ধ কৰিবলৈ দাবী জনাই। লগতে প্ৰতিবাদ কাৰীৰ দাবী চৰকাৰ প্ৰশাসনে মানি নললে প্ৰতিবাদ কৰি যাব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Assam Pradesh Congress war room worker Ritam Singh : কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ ঘৰত আৰক্ষীৰ অভিযান