WATCH | Assam Orunodoi 3.0 Scheme : বকোৰ ২নং জামবাৰীত তীব্ৰ উত্তেজনা
বকো,১১জুন : বৰ্তমান শাসনাধীন চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি ধোৱা চাঙত । অৰুণোদয়ৰ নামত ৰাম তাঙোন সাধাৰণ গঞাৰ মূৰত । যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি দাবী কৰে, তেনে সময়ত দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ । সদ্যঘোষিত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছতে উত্থাপন হৈছে ভিন্ন ঠাইত এটাই অভিযোগ অৰুনোদয় আঁচনিৰ নামত(Assam Orunodoi 3.0 Scheme)।
এইবাৰ বকোৰ ২নং জামবাৰীত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল মহিলা। ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী খন্দ উন্নয়ন কাৰ্যালয়ৰ ১৪ নং উত্তৰ পূব গাওঁ পঞ্চায়তৰ ৯২৭ নং বুথ কমিটীত সংঘটিত হৈছে এই ঘটনা।
বুথ কমিটিৰ একাংশ লোকে নিজৰ পৰিয়ালৰ সদস্যক অৰুণোদয়ত বাচনি কৰাৰ অভিযোগ উৎথাপন কৰে। গৰৈমাৰী খন্দ উন্নয়ন বিষয়াৰ অন্তৰ্গত ১৪ নং উত্তৰ বনগাঁও পঞ্চায়তৰ আন্ধেৰিটাৰী , আন্ধেৰিটাৰী কলিতা পাৰা, নতুন আলিকাষৰ এই সকল মহিলাক অৰুণোদয় আঁচনি হিতাধীকাৰিৰ পৰা নাম কৰ্তন কৰাৰ পাচত এনে পৰিষ্টিতিৰ সৃষ্টি হয়। আনহাতে বুথ কমিটীৰ ওপৰত টকা লোৱাৰ অভিযোগ এই সকল মহিলাৰ।
লগতে পঢ়ক : WATCH | Elephant menace in Baksa : বাক্সাৰ দিহিৰাত বনৰীয়া হাতীৰ তাণ্ডৱ