Local, Vocal, Global

WATCH | Assam Orunodoi 3.0 Scheme : গেলেকী ন-পুখুৰী পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ উত্তাল প্ৰতিবাদ

গেলেকী ,৩০মাৰ্চ : অৰুণোদয় ৩.০ আঁচনিক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তত ।

এইবাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ ন-পুখুৰী গাঁও পঞ্চায়তত মহিলাৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে ।

মুখ্যমন্ত্ৰীয়ে গৌৰৱ কৰা অৰুণোদয় ৩.০ত ব্যাপক অনিয়মৰ অভিযোগ গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তত(Assam Orunodoi 3.0 Scheme)।

অসমৰ বিভিন্ন প্ৰান্তত বাছনি সমিতিৰ বিৰুদ্ধে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

তাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ নাজিৰা উন্নয়নখণ্ডৰ অন্তৰ্গত ন-পুখুৰী গাঁও পঞ্চায়ততো অৰুণোদয় আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন তথা বাদ পৰি যোৱাৰ অভিযোগ উঠিছে ।

যাৰ বাবে এতিয়া ক্ষোভত ভাগি পৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মহিলাই ।

বিজেপি গ’ বেক , দুখীয়াৰ লগত ৰাজনীতি বন্ধ কৰক , বাছনি সমিতি মূদ্দাবাদ ইত্যাদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলে ।

মূখ্যমন্ত্ৰীলৈ আহ্বান যোগ্য হিতাধিকাৰীক এই আচঁনিৰ অন্তৰ্ভুক্ত কৰক নহ’লে বন্ধ কৰক এই আচঁনি।

লগতে পঢ়ক : WATCH | Five gamblers arrested in Darrang : দৰঙত ৫ জনকৈ IPLজুৱাৰীক আটক