Local, Vocal, Global

WATCH | Assam Orunodoi 3.0 Scheme : বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰী বাচনিত নামত ব্যাপক অনিয়ম

বিলাসীপাৰা,১৯মাৰ্চ : বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰী বাচনিত নামত ব্যাপক অনিয়ম।

যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি স্বচ্ছল জনক তালিকাত অন্তৰ্ভুক্ত কৰিছে। স্বজন তোষণ আৰু ধনৰ বিনিময়ত হিতাধিকাৰী নিৰ্বাচন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আজি বঞ্চিত হিতাধিকাৰী সকলে বিলাসীপাৰাৰ আনন্দনগৰ বাঙালীপাৰা পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Assam Orunodoi 3.0 Scheme)।

ক্ষুব্ধ প্ৰতিবাদকাৰীৰ স্পষ্ট স্বীকাৰোক্তি আমাৰ পৰা নগদ ধন লোৱাৰ পিছতো তালিকাত আমাৰ নাম নাই। হিতাধিকাৰী বাচনি সমিতিয়ে স্বজন-তোষন নীতিৰে তালিকা প্ৰস্তুত কৰিছে।

গাওঁ পঞ্চায়তৰ খনৰ অৰুণোদয় ৩.০আঁচনিত বাচনি কমিটীৰ সদস্য ছফিয়ৰ আৰু সাজাহান আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

পৰৱৰ্তী সময়ত এই সকল বাচনি কমিটীৰ আৰু পঞ্চায়ত সচিব সচিব বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ’ব।

লগতে পঢ়ক : WATCH | Tragic accident in Dhemaji : ট্ৰেক্টৰ আৰু স্কুটী মাজত ভয়ংকৰ সংঘৰ্ষ;থিতাতেই নিহত ছাত্ৰ