WATCH | Assam Orunodoi 3.0 scheme : বিলাসীপাৰাত অৰুণোদয় ৩.০আঁচনিত হিতাধিকাৰী বাচনিত ব্যাপক অনিয়মৰ অভিযোগ

বিলাসীপাৰা,২০মাৰ্চ : বিলাসীপাৰাত অৰুণোদয় ৩.০আঁচনিত হিতাধিকাৰী বাচনিত ব্যাপক অনিয়ম। অতি দৰিদ্ৰ তথা যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি স্বচ্ছল জনক তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ।
স্বজন তোষণ আৰু ধনৰ বিনিময়ত হিতাধিকাৰী নিৰ্বাচন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই দৃশ্য গোবৰ্ধনপাৰা পঞ্চায়তৰ কালিপাৰা গাওঁৰ দৃশ্য(Assam Orunodoi 3.0 scheme)।
এইসকল মহিলাৰ পৰা দাবী কৰা ধন নোপোৱাৰ বাবেই বাচনি সমিতিৰ সদস্যই অৰুণোদয় ৩.০ আচঁনিৰ পৰা বঞ্চিত কৰিছে। গাওঁ খনৰ বাচনি কমিটীৰ সদস্য মনিৰুজ জামানে ধনৰ বিনিময়ত ধনী,চাকৰিয়াল ব্যক্তিক অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ।
টুলুপাৰা গাৱঁৰ দৰীদ্ৰ হিতাধিকাৰীয়ে ধন দিব নোৱাৰা বাবেই আচঁনিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। অকল এয়াই নহয়, সম্প্ৰতি বিলাসীপাৰাৰ পঞ্চয়তে পঞ্চায়েত ক্ষোভ উজাৰিছে বঞ্চিত হিতাধিকাৰী সকলে।
হিতাধিকাৰীয়ে অভিযোগ, বাচনি সমিতিৰ সদস্যক উৎকোচ দিব পৰা জনহে অৰুণোদয় আচঁনিৰ তালিকাভুক্ত হৈছে। উৎকোচ দিব নোৱাৰা অথচ যোগ্যজন তালিকাৰ পৰা বঞ্চিত হৈছে। ক্ষুব্ধ বঞ্চিত হিতাধিকাৰীৰ এটায় দাবী, প্ৰস্তুত কৰা তালিকাৰ ওপৰত শীঘ্ৰে তদন্তৰ দাবী উত্থাপন কৰে। চৰকাৰৰ দৰীদ্ৰৰ বাবে প্ৰস্তুত কৰা আচঁনি কেৱল বাচনি সমিতিৰ বাবেই স্বচ্ছল পৰিয়াল উপকৃত হবলৈ গৈ আছে।
লগতে পঢ়ক : WATCH | Nalbari News : আলফা স্বাধীনৰ নামত ধন দাবী কৰি বেলশৰ আৰক্ষীৰ জালত যুৱক