Local, Vocal, Global

WATCH | Assam Opposition Meeting: বিৰোধী ঐক্যমঞ্চৰ বৈঠকত অথন্তৰ

নিউজ ডেস্ক,২মাৰ্চ : বিৰোধী ঐক্যমঞ্চৰ বৈঠকত অথন্তৰ। বিৰোধী ঐক্যমঞ্চৰ বৈঠকৰ মাজতে ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ

উল্লেখ্য যে, শনিবাৰে সোণাপুৰৰ ৰিজৰ্টত চলি আছিল বিৰোধী ঐক্যমঞ্চৰ বৈঠক। বৈঠকৰ মাজতেই ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত লাগিল প্ৰচণ্ড বাক-বিতণ্ডা। অখিল গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত লগা বাকযুদ্ধৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৈঠকখনত(Assam Opposition Meeting)।

সভা চলি থাকোঁতে সভাস্থলী ত্যাগ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ক্ষোভিত বৰদলৈয়ে কয়, ‘মোৰ দলক বেয়াকৈ ক’ব, মই সহ্য কৰিম নেকি?’

ইপিনে, প্ৰদ্যুৎ বৰদলৈক সৈমান কৰিবলৈ চেষ্টা কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই। বৈঠকৰ পূৰ্বে অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছক।

অখিল গগৈৰ মন্তব্যত ক্ষুব্ধ হৈ পৰে প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈয়ে উভতি ধৰে অখিল গগৈক। আৰু ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত প্ৰদ্যুৎ বৰদলৈয়ে সভা ত্যাগ কৰে।