Local, Vocal, Global

Assam online trading scam : ১৫ দিনৰ মূৰত কাইলৈ চুমিয়ে লগ পাব বিশালক !

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ : ১৫ দিনৰ মূৰত কাইলৈ চুমিয়ে লগ পাব বিশালক !বিশাল ফুকনৰ গোচৰৰ এক লক্ষণীয় দিন। ইফালে লকআপত থাকি হায়ৰান চুমি !

বিশালৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰত বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰাক পুনৰ ন্যায়ালয়ত হাজিৰ কৰোৱাৰ তাৰিখ। ৭ তাৰিখে ন্যায়ালয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰা বিশালক পুনৰ আদালতলৈ অনাৰ নিৰ্দেশ(Assam online trading scam)।

ইফালে ১২ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰা চুমি আৰু তাৰ্কিকক আৰক্ষীৰ জিম্মাৰ ৬ দিনীয়া ম্যাদ উকলিব ১৭ ছেপ্টেম্বৰত। গতিকে তেওঁলোককো আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত হাজিৰ কৰোৱা হ’ব আদালতত।লগতে তাৰ্কিকৰ ভাতৃ অম্লানকো ১৭ তাৰিখে আদালতত পুনৰ হাজিৰ কৰোৱা হ’ব। লক্ষণীয়ভাৱে, একেটা দিনতে চাৰি অভিযুক্তৰ গোচৰৰ শুনানি হ’ব ন্যায়ালয়ত।

ইফালে লকআপত থাকি হায়ৰান চুমি ! আনে লোৱা কম্বলত চাৰিদিনে শোৱাৰ অভিজ্ঞতাই অধিক চতুৰ কৰিছে চুমি বৰাক, চতুৰ চুমিয়ে কান্দি কান্দি এৰাই যাব খুজিছে আৰক্ষীৰ প্ৰশ্ন । কাইলৈ হয়তো আদালতত হাজিৰ হোৱাৰ সময়ত মুখামুখি হ’ব পাৰে চুমি বিশালকে ধৰি আটাইকেইজন অভিযুক্ত।

লগতে পঢ়ক :Arvind Kejriwal to resign today: আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে