Assam Observes Swahid Divas Across the State: মুছলপুৰত পালন শ্বহীদ দিৱস পালন
মুছলপুৰ,১০ডিচেম্বৰ : আজি শ্বহীদ দিৱস।অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটি ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস হিচাপে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মুছলপুৰতো পালন শ্বহীদ দিৱস(Assam Observes Swahid Divas Across the State)।
অসমৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক ৰাজ্যজুৰি স্মৰণ । বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে পালন কৰে কেন্দ্ৰীয় শ্বহীদ দিৱস । উক্ত কাৰ্যসূচীত অংশ লৈ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে, অসম বিদেশীমুক্ত কৰাৰ যি স্বপ্ন আছিল সেয়া বাস্তৱ ৰূপ পাব লাগে ।
যি দলৰে চৰকাৰ গঠন নহওঁক কিয় শ্বহীদ পৰিয়াল সমূহলৈ সু-দৃষ্টি ৰাখিব লাগে । ঐতিহাসিক অসম আন্দোলনৰ বহু বীৰ-বীৰাঙ্গনা এতিয়াও আছে কিন্তু তেওঁলোকৰ মৰ্মেবেদনা চৰকাৰে নুবুজে । অসম যেন আজিও বিদেশীৰ চৰণীয়া পথাৰ বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ।
আজিৰ সভাত কেবাগৰাকীও বক্তাই ৬ বছৰীয়া অসম আন্দোলন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।
লগতে পঢ়ক :Road Accident in Moirabari:দ্ৰুতবেগত আহি থকা ই-ৰিক্সা বাগৰি পৰিল দ খাৱৈত