Local, Vocal, Global

Assam Observes Restrictions On Meat Shops And Educational Institutions For Ram Temple Consecration Day : কাইলৈ ২বজালৈ বন্ধ থাকিব মাছ-মাংসৰ দোকান, বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

নিউজ ডেস্ক, ২১ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ কেইটামান ঘন্টা। প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সজাই-পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । অযোধ্যাত ভিৰ কৰিছে দেশ-বিদেশৰ ভক্তই ।অযোধ্যাৰ ৰাম মন্দিৰ ফুল আৰু বিশেষ পোহৰেৰে সজ্জিত কৰা হৈছে। মন্দিৰটো সজাবলৈ বিশেষ ফুলৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ দেশতে এতিয়া ‘জয় শ্ৰীৰাম’ ধ্বনি(Himanta Biswa Sarma press conference at Guwahati)।

দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলো লক্ষ্য হৈ পৰিছে অযোধ্যা। ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্নপ্ৰান্তৰ হাজাৰ-হাজাৰ সাংবাদিক, সংবাদকৰ্মী। দেশৰ প্ৰতিগৰাকী নাগৰিকৰ এতিয়া লক্ষ্যস্থল হৈ পৰিছে সৰযু নদীৰ পৰা। সকলোৰে অপেক্ষা ২২ জানুৱাৰীলৈ।সোমবাৰে দুপৰীয়া ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি পাঁচজন লোক গৰ্ভগৃহত উপস্থিত থাকিব(Himanta Biswa Sarma Press Meet on Ram Mandir)।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীলৈ আহ্বান জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই(Assam Observes Restrictions On Meat Shops And Educational Institutions For Ram Temple Consecration Day) ।

২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

প্রাণ প্রতিষ্ঠাৰ দিনটোত সকলো উপসনাস্থলীত স্বচ্ছ অভিযান।

২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়।

প্রাণ প্রতিষ্ঠাৰ সময়ত ব্যৱসায়িক প্রতিষ্ঠানসমূহো বন্ধ ৰখাৰ আহ্বান।

প্রতি ঘৰতে এগছি বন্তি জ্বলোৱাৰ প্রধানমন্ত্রীৰ আৱেদন সফল কৰক।

আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।

আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান।

বিয়লি ৪ বজালৈকে মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান।

ৰেষ্টুৰেণ্টসমূহতো দিনৰ ২ বজালৈকে আমিষ খাদ্য খুৱাব নোৱাৰিব।

সকলো ধৰ্মাৱলম্বী লোককে খন্তেক প্রাৰ্থনাৰ আহ্বান মুখ্যমন্ত্রীৰ।

সাম্প্রদায়িক শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ।

স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ।

লগতে পঢ়ক : Iran-Backed Militants Targeted US Troops in Iraq with Ballistic Missiles : ইৰাণ সমৰ্থিত উগ্ৰপন্থীৰ ৰকেট আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ; আহত আমেৰিকাৰ জোৱান