Local, Vocal, Global

Assam, Mizoram make fresh statement on border issue : দেওবাৰে দিছপুৰত সংবাদমেল সম্বোধন মন্ত্রী অতুল বৰাৰ

নিউজ ডেস্ক,১১আগষ্ট : শনিবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ ৷ অসমৰ এটা প্ৰতিনিধি দলে মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুহোমাক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ৷এই সাক্ষাতত মন্ত্ৰী অতুল বৰাই দীৰ্ঘদিনীয়া অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ এই সাক্ষাতৰ সময়ত দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল(Assam minister Atul Bora meets Mizoram CM) ৷

মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুহোমাক সাক্ষাতৰ পিছত মন্ত্রী অতুল বৰাই মন্তব্য কৰে যে, মিজোৰাম চৰকাৰে সীমা সমস্যাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ইয়াৰ সমাধানত সদিচ্ছা প্ৰকাশ কৰিছে।’

মিজোৰাম ভ্ৰমণৰ পৰা আহি দেওবাৰে মন্ত্রী অতুল বৰাই দিছপুৰত এখন সংবাদমেল সম্বোধন কৰে ।সংবাদমেলত মিজোৰামত মন্ত্রী অতুল বৰাই ৰাজ্যখনৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্রী পৰ্যায়ত দুখনকৈ বৈঠকত মিলিত হৈ সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা কৰে ।

সংবাদমেলত মন্ত্রী অতুল বৰাই কয় – ‘২০২১ চনৰ আগষ্টত অসম-মিজোৰ‍াম সীমান্তত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাচতে মিজোৰামলৈ গৈছিলো । তাৰ পাচত মন্ত্রী পৰ্যায়ৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে । আনহাতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়তো আলোচনা হৈছে । মিজোৰামৰ নিৰ্বাচনৰ পাচত নতুন চৰকাৰৰ লগতো বৈঠক হৈছে । চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ আলোচনা হৈছিল । মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি আমি দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ গৈছিলো ।”

তেওঁ লগতে কয়,”প্ৰথম দিনা মিজোৰামৰ গৃহমন্ত্রী পৰ্যায়ত আলোচনা হৈছিল । লগত মিজোৰামৰ ৰাজহ মন্ত্রী আৰু জেষ্ঠ বিষয়াসকল আছিল । বিশদ আলোচনা হোৱাৰ পিচত যুটীয়া বিবৃতি দিয়া হৈছিল । আলোচনা যথেষ্ট আশাব্যঞ্জক আছিল আৰু মিজোৰাম চৰকাৰৰ সদিচ্ছা আমি অনুভৱ কৰিছিলো । দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে আমি মিজোৰামৰ মুখ্যমন্ত্রী লালডুহোমাক লগ ধৰিছিলো । মিজোৰামৰ মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছিল ।”

ইয়াৰোপৰি মন্ত্ৰী বৰাই কয়,”সীমান্তত বসবাস কৰা লোকসকলে যথেষ্ট সমস্যাৰ সন্মূখীন হৈ আহিছে । সময়ে সময়ে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে মিজোৰাম চৰকাৰে এই সমস্যাৰ সমাধান বিচাৰে । গুৱাহাটীত এখন বৈঠকৰ বাবে আমি মিজোৰামৰ প্ৰতিনিধিক আমন্ত্রণ জনাইছোঁ । সেই বৈঠকত আমি বিশদভাৱে আলোচনা কৰিম । আনহাতে পূৰ্বতে বিভিন্ন পৰ্যায়ত লোৱা সিদ্ধান্তসমূহ বাহাল থাকিব ।”

অসম চৰকাৰৰ সদিচ্ছাৰ কথা সদৰী কৰি মন্ত্রী বৰাই কয়,”সীমা সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব আৰোপ কৰি পদক্ষেপ গ্ৰহণ কৰিছে । মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ লগত আলোচনা কৰা হৈছে । পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হৈছে । আমি আশা কৰিছো যে আমাৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাটো সমাধানৰ দিশে আগবাঢ়িব পৰা যাব ।”

লগতে পঢ়ক :Unidentified woman’s body found in Barpeta civil hospital : চিকিৎসালয়ত উদ্ধাৰ অচিনাক্ত বৃদ্ধা মহিলাৰ মৃতদেহ