Local, Vocal, Global

Assam Man Goes Missing In Rajasthan : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক; ১০ দিন ধৰি নিৰুদ্দেশ বকোৰ মাধৱ দাস

নিউজ ডেস্ক, ৭ মাৰ্চ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Man Goes Missing In Rajasthan)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing In Rajasthan) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । ৰাজস্থানত সন্ধান অসমৰ ব্যক্তি ।কৰ্মৰ সন্ধানত ৰাজস্থানলৈ যোৱা ব্যক্তি প্ৰায় ১০ দিন ধৰি নিৰুদ্দেশ হৈ আছে। এই ঘটনাক লৈ এতিয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত (Assam Man Goes Missing In Rajasthan)।

জানিব পৰা মতে, কামৰূপ জিলাৰ বকো সমষ্টিৰ নিছলামাৰী গাঁওৰ মাধৱ দাস নামৰ ব্যক্তিজন বিগত ১০ ধৰি নিৰুদ্দেশ হৈ আছে ।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি একেখন গাঁৱৰ তাপশ বৰ্মন আৰু পৰিমল দাসে কাম দিয়াৰ কথাকৈ ৰাজস্থানলৈ নিছিল মাধৱ দাসক। অতি দৰিদ্ৰ পৰিয়ালৰ লোকজন কাম বিচাৰি ৰাজস্থানলৈ যোৱাৰ পিছত নিৰুদ্দেশ হোৱাৰ ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰে’লৱে আৰক্ষীক অৱগত কৰাইছে। কোনো ব্যক্তিয়ে মাধৱ দাস নামৰ ব্যক্তিজনৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষী অথবা ৯০৮৫৭১৩৭৬০ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক : Terrible Road Accident in Bajali : চাৰিচকীয়া বাহনৰ খুন্দা বৈদ্যুতিক খুটাত; নিহত এজন, আহত দুজন