Assam Man Goes Missing in Mumbai : মুম্বাইৰ পৰা ঘৰলৈ ওভতাৰ পথত নিৰুদ্দেশ জামুগুৰিহাটৰ লক্ষ্মী নায়ক
জামুগুৰিহাট,২৭নৱেম্বৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Goes Missing in Delhi)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক।কৰ্মৰ সন্ধান বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন জামুগুৰিহাটৰ এজন ব্যক্তি ৷
পৰিয়ালৰ সুত্ৰে জানিব পৰা মতে জামুগুৰিহাটৰ কুসুমটোলা গাঁৱৰ তিনিগৰাকী কন্য সন্তানৰ পিতৃ লক্ষী নায়ক নামৰ লোক জনে কৰ্মসংস্থাপন বিচাৰি যোৱা ৬নৱেম্বৰত সুদূৰ মুম্বাইলৈ গৈছিল৷তাত তেও ১৪ দিন থাকিও কৰ্ম সংস্থাপনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰি বিশেষ অসুবিধাৰ বাবেই ২০নবেম্বৰত মুম্বাইৰ পৰা ঘৰলৈ উভতি আহিবলৈ বুলি এখন ৰেলত উঠে৷কিন্তু আশ্বৰ্য্যজনক ভাবেই জামুগুৰিহাটৰ লক্ষী নায়ক নামৰ ব্যক্তি জন ৰেল যোগে আহি থকা অৱস্থাত পথৰ পৰাই নিৰুদ্দেশ হৈ পৰে।
ইয়াৰ পিছৰ পৰাই ব্যক্তিজনৰ সৈতে পত্নী ও পৰিয়ালবৰ্গৰ যোগাযোগ বন্ধ হৈ আছে। পৰিয়ালৰ লোক সকলে তিনিদিনৰ পিছত ব্যক্তিজন ঘৰ আহি পাব বুলি আশাৰে বাট চাই আছিল যদিও আজি ৭দিন অতিক্ৰম কৰাৰ পিছতো ব্যক্তিজন ঘৰ আহি নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। তিনি জনীকৈ কন্যা সন্তানৰ পিতৃ গৰাকী এইদৰে নিৰুদ্দেশ হোৱাত চিন্তাত ভাগি পৰি আৱলী বাউলী হৈ পৰা পত্নীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে তেওঁৰ স্বামীৰ সন্ধান উলিয়াবলৈ আৰক্ষীক আহ্বান জনাইছে।
লগতে পঢ়ক :Vaibhav Suryavanshi : বিতৰ্কত ১৩ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী