Local, Vocal, Global

Assam man Goes Missing In Kerala : বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক;মধ্যপ্ৰদেশৰ এটা ৰেল ষ্টেচনৰ পৰা সন্ধানহীন অসমৰ লোকজন

নিউজ ডেস্ক,১৪মে’ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In Kerala)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । এইবাৰ বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ ২ নং কচুৱা গাঁৱৰ মজিবুৰ ৰহমান নামৰ এজন লোক ।শুকুৰবাৰে কামৰ সন্ধানত কেৰেলা অভিমুখী ৰেলেৰে যাত্ৰা কৰিছিল লোকজনে। কিন্তু মধ্যপ্ৰদেশৰ এটা ৰেল ষ্টেচনৰ পৰা মজিবুৰৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আত্মীয়ই।

পৰিয়ালৰ লোকে ফোন যোগে পোৱা খবৰ অনুসৰি,কেইজনমান যুৱকে মজিবুৰক মাৰধৰ কৰি ক’ৰবাত লৈ যায়। দুদিন ধৰি মজিবুৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। ৫ টা সন্তানৰ পিতৃ মজিবুৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জকাৰী।

কনমানি সন্তান কেইটাই মজিবুৰৰ সন্ধান উলিয়াই দিবলৈ কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনোৱা লগতে কোনো সদাশয় লোকে মজিবুৰৰ সম্ভেদ পালে 9387018635 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : Former Assam Minister Thaneswar Boro hospitalised : গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো