Local, Vocal, Global

WATCH | Assam man Goes Missing In Hyderabad : পুনৰ বহি:ৰাজ্যলৈ কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক

দেৰগাঁও,২৮মে’ : পুনৰ বহি:ৰাজ্যলৈ কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক ।

২০ মে’ মঙলবাৰে বহি:ৰাজ্য হায়দৰাবাদলৈ কাম কৰিবলৈ গৈছিল দেৰগাঁৱৰ সূৰ্য দাস নামৰ ৩২ বছৰীয়া বিবাহিত যুৱকজন।

ট্ৰেনেৰে যাত্ৰাৰ কৰা পথত ‘VIJAWADA RAILWAY JUNCTION, ANDHRA PRADESH ‘ত সন্ধানহীন হয় যুৱকজনৰ ।

দেৰগাঁও থানাৰ অন্তৰ্গত চকিয়াল বাঘবাৰী গাঁৱৰ নিবাসী সদাগৰ দাসৰ পুত্ৰ সূৰ্য দাস(Assam man Goes Missing In bangalore)।

বিবাহিত যুৱকজনৰ সন্ধানহীন হোৱা খবৰে এতিয়া পৰিয়ালটোলৈ দুৰ্যোগ কঢ়িয়াই আনিছে ।

যদি কোনো লোকৰ এই যুৱকজনৰ সন্ধান পাই তেন্তে পৰিয়ালৰ 6002843792 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক : WATCH | India Pakistan Tensions : ‘ভাৰত পাকিস্তানৰ যুদ্ধৰ কোনেও বিচাৰিব নোৱাৰিব প্ৰমাণ’