Local, Vocal, Global

WATCH | Assam Man Goes Missing in Hyderabad : পুনৰ বহি:ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক

দেৰগাঁও,২৫মে’ : পুনৰ বহি:ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক ।

ঘৰৰ পৰা ২০ মে’ত বহিঃৰাজ্য হায়দৰাবাদলৈ কাম কৰিবলৈ গৈছিল দেৰগাঁৱৰ বাঘবাৰী গাঁৱৰ সূৰ্য দাস নামৰ ৩২ বছৰীয়া বিবাহিত যুৱকজন ।

ট্ৰেনেৰে যাত্ৰাৰ কৰা পথত ‘VIJAWADA RAILWAY JUNCTION, ANDHRA PRADESH ‘ত সন্ধানহীন হয় যুৱকজনৰ ।

দেৰগাঁও থানাৰ অন্তৰ্গত চকিয়াল বাঘবাৰী গাঁৱৰ নিবাসী সদাগৰ দাসৰ পুত্ৰ আছিল সূৰ্য ।

বিবাহিত যুৱকজনৰ সন্ধানহীন হোৱা খবৰে এতিয়া পৰিয়ালটোলৈ দুৰ্ভোগ কঢ়িয়াই আনিছে(Assam Man Goes Missing in Hyderabad) ।

যদি কোনো লোকৰ এই যুৱকজনৰ সন্ধান পাই তেন্তে পৰিয়ালৰ 6002843792 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই।

লগতে পঢ়ক : WATCH | Fake currency notes seized in Bokajan : নৈশ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ জাল নোট