Assam Man Goes Missing In Hyderabad : পুনৰ বহি:ৰাজ্য সন্ধানহীন অসমৰ লোক
নিউজ ডেস্ক,৭এপ্ৰিল : কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Man Goes Missing In Hyderabad )৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Man Goes Missing) ।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ গৈছিল এজন লোক।তাৰ পিছতে হায়দৰাবাদৰ ইন্দুকুৰিতৰ পৰা নিৰুদ্দিষ্ট হৈছে বোকাখাতৰ কুৰুৱাবাহীৰ ধনিৰাম দাস নামৰ ব্যক্তিজন। বোকাখাতৰ কুৰুৱাবাহীৰ পৰা হায়দৰাবাদৰ ‘ইন্দুকুৰিত’ কামৰ সন্ধানত গৈ নিৰুদ্দিষ্ট হ’ল ৪৫ উৰ্ধ্বৰ ধনিৰাম দাস নামৰ ব্যক্তি জন।
পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে ধনিৰাম দাস হায়দৰাবাদৰ ইন্দুকুৰিৰ এটা কোম্পানীত নিৰাপত্তাৰক্ষীৰ হিচাপে নিযুক্ত হৈছিল। পৰৱৰ্তী সময়ত লগত যোৱা লোকসকল কুৰুৱাবাহীলৈ ঘুৰি আহিল যদিও বৰ্তমান কোনো সম্ভেদ পোৱা নাই ধনিৰাম দাসৰ।
উল্লেখযোগ্য যে, নুমলীগড় তেল শোধনাগাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু নীতি-নিয়মৰ সকিয়নীৰ বাবে বোকাখাতত উদ্যোগ স্থাপন কৰিব নোৱাৰি। যাৰ ফলত উদ্যোগিক নিয়োগৰ সুবিধা নথকাৰ বাবে প্ৰতিদিনেই বৰ্হিৰাজ্যলৈ যুৱক-যুৱতীৰ সোঁত বোৱাৰ অভিযোগ উত্থাপন কৰিছে বোকাখাতৰ স্থানীয় ৰাইজে।
লগতে পঢ়ক :Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক।