Assam man Goes Missing In bangalore : বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ নগাঁও জিলাৰ আহমেদ আলী

নিউজ ডেস্ক,৫অক্টোবৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In bangalore)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটি পথাৰত এজন ব্যক্তি। কাম কৰিবলৈ গৈ বাংগালুৰৰ পৰা মালদালৈ গৈ থকা অৱস্থাত ১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে আহমেদ আলী নামৰ ব্যক্তিগৰাকী।
নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নাপাই, হাহাকাৰ কৰিছে। যাৰ বাবে ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ।
যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ সন্ধান পাই তেন্তে 8139068805 আৰু 6001306962 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।
লগতে পঢ়ক :Road Accident In guwahati : মহানগৰীৰ ভৰলুত অচিনাক্ত বাহনে মহটিয়াই নিলে পাচলি ব্যৱসায়ীক