Local, Vocal, Global

Assam Man and Two Forest Rangers Killed In Tusker Attack at Dhekiajuli : ঢেকীয়াজুলিত বন্যহস্তীৰ আক্ৰমণত ৩ জনৰ মৃত্যু

নিউজ ডেস্ক,২৭ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Tusker Attack at Dhekiajuli)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ঢেকীয়াজুলিত অব্যাহত আছে হাতী মানুহৰ সংঘাত ।

ঢেকীয়াজুলিৰ ধীৰাইমাজুলীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু ৩ জনৰ । হাতীৰ আক্ৰমণত মৃত্যু হোৱা ৩ জনৰ ভিতৰত দুজন বনকৰ্মী। হাতী খেদিবলৈ যাওতে আক্ৰমণৰ বলি হয় বনকৰ্মী দুজনৰ ।

জানিব পৰা মতে, আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত আছিল বনকৰ্মী দুজন। নিহত বনকৰ্মী দুজন কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা বুলি চিনাক্ত কৰা হৈছে । আনহাতে যতন তাঁতী নামৰ এজন স্থানীয় লোক মৃত্যু হয় হাতীটোৰ আক্ৰমণত৷

ঘটনা বিৱৰণী অনুসৰি শনিবাৰে কাহিলীপুৱাই বনৰীয়া হাতীৰ আক্ৰমনৰ বলি হৈছিল যতন তাঁতী(৬০)নামৰ এজন ব্যক্তি ৷ শুই উঠি প্ৰাঃত কৰ্মলৈ ওলাই যোৱা যতন তাঁতী নামৰ লোকজনক ঘৰৰ কাষতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত কৰুণ মৃত্যুক আকোঁৱালি লয়(Assam Man and Two Forest Rangers Killed In Tusker Attack at Dhekiajuli)৷

বনৰীয়া হাতীটো ধিৰাইমাজুলি অঞ্চলটোৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতেই আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল৷ ঘটনাস্থলীত স্থানীয় শিঙৰী আৰক্ষী, ঢেকিয়াজুলি আৰু আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সকল উপস্থিত হৈছিল৷ বনকৰ্মীৰ দলে হাতীটোক গাওঁৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰোতেই বনকৰ্মীলৈ চোঁচা লয় হাতীটোৱে৷

বনকৰ্মী দুজনে পলাবলৈ চেষ্টা কৰিছিল যদিও হাতীৰ আক্ৰমণত নিহত হয় বনকৰ্মী দুজন৷ এই ঘটনাত বনকৰ্মী সকলৰ লগতে স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে৷ ইতিমধ্যে নিহত স্থানীয় যতন তাঁতী(৬০), বনকৰ্মী কুলেশ্বৰ বড়ো(৪৫) আৰু বীৰেন ৰাভা (৫০)ৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক : Teen BJP Worker Found Hanging : পশ্চিমবংগত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ