Watch | Assam locals displays rich culture of the Mishing tribe in Demow: ডিমৌত ভূমি পুত্ৰ মিচিং সকলৰ পৰম্পৰা লৃলেন উৎসৱ উদযাপন
গুৱাহাটী: ডিমৌত ভূমি পুত্ৰ মিচিং সকলৰ পৰম্পৰা লৃলেন উৎসৱ উদযাপন। মিচিং অধ্যূষিত অঞ্চলৰ ২০০শ খন বিদ্যালয়ত শিক্ষাৰ মাধ্যম হ’ব মিচিং ভাষা। ছয় মিচিং জাতীয় সংগঠনে বিগত ৫৪ বছৰে মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবলৈ দাবী কৰি আহিছিল। কিন্ত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাছিল বিষয়টো।অৱশেষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ফাগুনৰ প্ৰথমটো বুধবাৰে ভূমিপুত্ৰ জনজাতি মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনা দিলে ভাল খৱৰ।ফেচবুক পোষ্টৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ঘোষণা কৰিলে মিচিং অধ্যূষিত অঞ্চলৰ ২০০শ খন স্কুলত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ হ’ব মিচিং ভাষা।
খৱৰ লাভ কৰি এতিয়া গাৱে ভূঞে মিচিং ৰাইজৰ মাজত দেখা গৈছে আনন্দ উল্লাস। উৎফুল্লিত চিলাপথাৰ ডিমৌৰ মিচিং ৰাইজ।ডিমৌ চাৰিআলিৰ মুৰঙঘৰত লৃলেন উৎসৱ উদযাপন কৰি গাঁৱৰ ৰাইজে একেলগে এসাঁজ খাই আনন্দত নাচি-ভাগি আত্মহাৰা হৈ পৰে সকলো। অসম চৰকাৰৰ এনে পদক্ষেপক শলাগ জনোৱাৰ উপৰিও মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰী জিন্দাবাদ, সাংসদ-বিধায়ক জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে চিলাপথাৰৰ ডিমৌত লৃলেন উৎসৱ স্থলী।