Local, Vocal, Global

Assam Legislative Assembly Session : ৰাজ্যপালৰ ভাষণেৰে সোমবাৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰৰ বি টি চি সচিবালয়ত আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন(Assam Legislative Assembly Session) ।

সংসদীয় পৰম্পৰা অনুসৰি ৰাজ্যপালৰ ভাষণেৰে সোমবাৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা ৷ ৰাজ্যপালৰ ভাষণৰ উপৰিও অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত পৰীক্ষাত হোৱা কেলেংকাৰীৰ যি প্ৰতিবেদন ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰিছিল, সেই প্ৰতিবেদনো আজি সদনত দাখিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় ৷

লগতে পঢ়ক :Assam Legislative Assembly Session: আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন;পুৱাই দিছপুৰৰ পৰা কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক