Local, Vocal, Global

Assam Legislative Assembly Session:কোকৰাঝাৰত উপস্থিত মুখ্য়মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰত উপস্থিত মুখ্য়মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা।
কোকৰাঝাৰত মুখ্যমন্ত্ৰীক পুৱাই উষ্ম আদৰণি জনাই(Assam Legislative Assembly Session)।

উল্লেখ্য যে, কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ভূটান সীমান্তলৈ নিৰ্মাণ হ’ব পথ । বিছমুৰী দীঘলীৰ পৰা ভূটান সীমান্তলৈ যোৱা পথ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। পথ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- অতি শীঘ্ৰেই নিৰ্মান কৰা হ’ব পথৰ কামকাজ । ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব পথ নিৰ্মানৰ কাম। প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ’ব পথ।

লগতে পঢ়ক :Youth goes missing: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা অসমলৈ উভটি অহাৰ পথত নিৰুদ্দেশ অসমৰ যুৱক