Local, Vocal, Global

Assam Legislative Assembly Session: আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন;পুৱাই দিছপুৰৰ পৰা কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰৰ বি টি চি সচিবালয়ত আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন(Assam Legislative Assembly Session) ।

পুৱা ৬ বজাতেই দিছপুৰৰ পৰা বাছকেইখনে যাত্ৰা আৰম্ভ কৰিছে কোকৰাঝাৰ অভিমুখে । যাত্ৰাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বি টি চি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰ যাত্ৰী হৈছে । কোকৰাঝাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী ।

পূৰ্বৰ দৰে পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটো দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যক্ৰমণিকা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰি অনুষ্ঠিত হ’ব(Budget Session of Assam Assembly)।

বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰে আৰম্ভ হ’ব । এই অধিৱেশনলৈ ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰে’লেৰে যাত্ৰা কৰাৰ কথা জানিব পৰা গৈছে ।

প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰক নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

লগতে পঢ়ক:Budget Session of Assam Assembly: আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন