Local, Vocal, Global

সাংসদ অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ দুৰ্ব্যৱহাৰ অসমৰ সাংবাদিকক

নিউজ ডেস্ক, ১১ মে’- গুৱাহাটীত পশ্চিমবংগ আৰক্ষীৰ দাদাগিৰি। গুৱাহাটীত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ অনুষ্ঠানত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিলে পশ্চিমবংগ আৰক্ষীয়ে। অনুষ্ঠান চলি থকাৰ মাজতে জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক গৰাকীক অকথ্য গালি-গালাজ পাৰি গতিয়াই দিলে অনুষ্ঠানৰ পৰা ৷

তাৰ পাছতে প্ৰতিবাদ স্বৰূপে সকলো সাংবাদিকে বন্ধ কৰিলে অনুষ্ঠানটোৰ ক’ভাৰেজ। অনুষ্ঠানত মহিলা সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে বংগ আৰক্ষীৰ বিৰুদ্ধে৷ 

উল্লেখ্য যে অসমৰ সাংবাদিকক দুঃব্যৱহাৰ কৰাৰ পাছতো সাংবাদিকৰ ওপৰতহে খৰ্গহস্ত হৈ ওলোটাই দোষিলে TMC নেতা অভিষেক বেনাৰ্জীয়ে৷ ঘটনাক লৈ ক্ষমা বিচাৰিলে যদিও বেনাৰ্জীক সাংবাদিকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গ’ল৷