Watch | Assam jhumur to set world record: ইতিহাস ৰচিবলৈ গৈ আছে ঝুমুৰ নৃত্যই

গুৱাহাটী: বিহুপছতে বিশ্ব অভিলেখ গঢ়া দিশে দিখে ঝুমুৰ নৃত্য। সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান। অপেক্ষা মাথোঁ সেই ঐতিহাসিক ক্ষণৰ । যিটো ক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্ভাসিত হ’ব ঝুমুৰ নৃত্য ।সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপৰি বহু অভ্যাগতৰ উপস্থিতিত সৰুসজাইত একেলগে আঠসহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ‘‘ঝুমুৰ নৃত্য’’।
মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ ৯ হাজাৰৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত ভাগ ল’ব ।ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ঝুমইৰ বিনন্দিনীত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হ’ল । লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিচালৈয়ো ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব । কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি আহিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত।
২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে মহা আড়ম্বৰৰে আয়োজন কৰা বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব বিভিন্ন দেশৰ ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূতে । দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে নেতৃত্ব দিব এই ৰাষ্ট্ৰদূতৰ দলটোৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূতে আৰু তাৰপাছতে আহিব গুৱাহাটীলৈ ৷ উপভোগ কৰিব ৮,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া অসমৰ চাহ জনগোষ্ঠীয় লোকৰ ঝুমইৰ নৃত্যৰ বিশাল অনুষ্ঠান ৷