WATCH | Assam Jatiya Parishad : অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

নিউজ ডেস্ক,২৩এপ্ৰিল : AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল সম্বোধন
অসম জাতীয় পৰিষদে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কি কি প্ৰতিশ্ৰুতি উল্লেখ কৰিছে হুবহু উল্লেখ কৰা হ’ল-
আমাৰ দৃষ্টিত পঞ্চায়ত-
ভাৰতীয় সংবিধানৰ নির্দেশাত্মক নীতি অনুসৰি, অসম জাতীয় পৰিষদে স্থানীয় নিকায় অর্থাৎ গ্ৰাম্যাঞ্চলৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাক সর্বোত্তম উন্নয়নমূলক কাঠামো হিচাপে গণ্য কৰে। অসমৰ বিভিন্ন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদলৈ প্রতিনিধি নির্বাচন কবি, সেইসমূহত নেতৃত্ব লৈ, গ্রাম্য উন্নয়ন প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱা আৰু এই ক্ষেত্ৰত পৰম্পৰাৰ উর্দ্ধলৈ গৈ বিকল্প উন্নয়নৰ ধাৰা প্রতিষ্ঠাৰে এক নজিৰ স্থাপন কৰাটো অসম জাতীয় পৰিষদৰ লক্ষ্য। ২০২৫ চনৰ চলিত পঞ্চায়ত নির্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকল বিজয়ী হৈ পঞ্চায়তী নিকায়সমূহৰ নেতৃত্ব পালে দলে কোনটো দৃষ্টিভঙ্গীৰে কাম-কাজসমূহ আগুৱাই লৈ যাব, তাৰ সম্যক আভাস তলত দাঙি ধৰা হ’ল(Assam Jatiya Parishad)-
আমাৰ দৃষ্টিভংগীৰ মূল স্তম্ভসমূহ
গ্রাম স্বৰাজ – হাতৰ মুঠিতে শক্তি গ্রাম সভাক গ্রাম্য উন্নয়নৰ ক্ষেত্ৰত সর্বোচ্চ সিদ্ধান্ত লোৱা সংস্থা হিচাপে প্রতিষ্ঠা কৰা। পঞ্চায়তলৈ পোনপটীয়া বাজেট, আৰু পৰিকল্পনাৰ পূৰ্ণ অধিকাৰ। আঁচনি গ্রহণ, নির্বাচন আৰু পৰীক্ষণত গাওঁবাসীৰ সক্রিয় অংশগ্রহণ নিশ্চিত কৰা। স্থানীয় শিক্ষা, স্বাস্থ্য, খোৱা পানী, বজাৰ আৰু পয়প্রণালী সম্পকীয় অধিকাৰ পঞ্চায়তীৰাজ সংস্থা (PIUs) লৈ হস্তান্তৰ।
পি আৰ আই (PRIs) সদস্যসকলৰ বাবে প্রশিক্ষণ আৰু জন-সচেতনতামূলক কার্যসূচী।
স্বচ্ছতা আৰু জনদায়িত্ব
প্রতি মাহে গ্রাম সভা বাধ্যতামূলকভারে অনুষ্ঠিত কৰা। পঞ্চায়ত প’র্টেলৰ জৰিয়তে আঁচনি, বাজেট আৰু খৰচৰ তথ্য অনলাইনত উপলব্ধ কৰা। গাঁও পঞ্চায়ত কার্যালয়ত পাব্লিক ডিস্প্রে বোর্ডৰ জৰিয়তে তথ্যৰ স্বচ্ছতা প্রদান। গাঁওবাসীৰ দ্বাৰা ১১ জনীয়া পর্যবেক্ষণ সমিতি (Monitoring Committee) গঠনৰ জৰিয়তে আঁচনি ৰূপায়নৰ মান পৰীক্ষা। উক্ত পর্যবেক্ষণ সমিতিত ৩ যুবক, ৩ মহিলা আৰু ৫ গৰাকী অভিজ্ঞ, বয়সস্থ লোকৰ অংশগ্রহণ নিশ্চিত কৰা। স্থানীয় অর্থনীতি আৰু ব্যৱসায় ঘৰে ঘৰে উপাৰ্জন- এই গণমুখী ধাৰণাৰ সৈতে পঞ্চায়তীৰাজ সংস্থাক সংযোজিত কৰা। পঞ্চায়তক স্থানীয় অর্থনৈতিক কেন্দ্র হিচাপে বিকাশ কৰা। এটা পঞ্চায়ত এটা উৎপাদন (OPOP) মডেলৰ জৰিয়তে হস্তশিল্প, খেতি, দুগ্ধ উৎপাদন, মৎস্য, হাঁহ-কুকুৰা, কণী, গৰু-ছাগলী-গাহৰি উৎপাদন, গামোছা, চাদৰ-মেখেলা, অন্যান্য স্থানীয় বস্ত্র, পিঠা পনা, আচাৰ, ৰূপ কাঠি, বাচন আদি উৎপাদনৰ উদ্যমক উৎসাহ প্রদান কৰা। স্থানীয় উদ্যোগীক বেংকৰ পৰা সহজ ঋণ পোৱাৰ ব্যৱস্থা আৰু উদ্যমিতাৰ প্ৰশিক্ষণ প্ৰদানৰ আঁচনি গ্রহণ।উল্লিখিত উৎপাদনসমূহৰ বজাৰ সৃষ্টিত পঞ্চায়তৰ পুঁজি ব্যয়। থলুৱা খাদ্য সম্ভাৰ (যেনে অসমীয়া জলপান)ৰ বজাৰৰ বিস্তাৰত বিশেষ উদ্যোগ গ্রহণ।প্রতিটো ব্লকত থলুৱা উদ্যোগীৰ বাবে বিক্রি কেন্দ্র স্থাপনৰ ব্যৱস্থা। ব্লক পর্য্যায়ত উদ্যোগী ক্লাব (Entrepreneurs Club) গঠনেবে উদ্যোগীসকলৰ মাজত সমন্বয়ৰ পৰিৱেশ সৃষ্টি।
গ্রাম্য পর্যটনক উৎসাহিত কৰা।
কৃষি আৰু খেতিপথাৰৰ উন্নয়ন
স্থানীয় বজাৰ নিয়ন্ত্রণ, কৃষকৰ ন্যায্য মূল্য আৰু বিক্রি/প্রচলন ব্যবস্থা পঞ্চায়তৰ অধীনলৈ আনি কৃষকক সুবিধা প্রদান।
পঞ্চায়ত পৰ্য্যায়ত কৃষক পৰামৰ্শ সমিতি গঠন।শীতলীকৰণ গৃহ, কৃষি সামগ্রী প্রক্রিয়াকৰণ গোট আদি গাঁও বা ব্লকৰ ভিতৰত স্থাপনত অগ্রাধিকাৰ দিয়া। কৃষকসকলক তামোল, নাবিকল আদি পৰম্পৰাগত ফলমূল ৰোপণৰ বাবে উৎসাহিত কৰা। চাহ বাগিছা এলেকাতো অনুরূপ পদক্ষেপ লবলৈ সংশ্লিষ্টসকলক উৎসাহিত কৰা।
ধান আৰু চাহ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত কৃষি বিভাগক জড়িত কৰি কৃষকক প্রশিক্ষণ প্রধান আৰু পথাৰ উন্নয়নৰ বিশেষ পদক্ষেপ গ্রহণ।জৈৱিক ধান আৰু জৈবিক চাহ উৎপাদনৰ ক্ষেত্ৰতো অনুরূপ পদক্ষেপ গ্রহণ। লগতে বিশেষ/জৈৱিক প্রজাতিৰ ধান আৰু চাহ উৎপাদন আৰু তাৰ বজাৰ সৃষ্টিৰ আঁচনি গ্রহণৰ ক্ষেত্ৰত বিশেষ দৃষ্টি প্রদান। চৰকাৰীভাবে ধান ক্রয় ব্যবস্থাৰ সম্পূর্ণ দায়িত্ব পঞ্চায়তৰ হাতত ন্যস্ত কৰা।
নাৰী আৰু যুৱ নেতৃত্ব
গাঁৱে গাঁৱে জাতীয় সেৱক দল গঠন। এই গোটে গাঁৱৰ সামাজিক-সাংস্কৃতিক-শৈক্ষিক কৰ্মত আগভাগ লব। দুৰ্যোগৰ সময়ত এই দল আক্রান্তৰ কাষত থিয় হ’ব। জাতীয় সেৱক দলৰ সম্প্ৰসাৰণেৰে পঞ্চায়ত আৰু ব্লক পর্য্যায়ত জাতীয় সমন্বয় মঞ্চ গঠন। জাতীয় সেৱক দলৰ তত্বাৱধানত জাতীয় ৰক্তদান বাহিনী গঠন। এই দলে ‘বক্তদান জীরন দান’ বার্তাবে নিজেও ৰক্তদান কৰিব আৰু এই মহান কামৰ পক্ষ্যত সজাগতামূলক কাম কৰিব। পঞ্চায়তৰ সকলো কামত ৫০% নাৰী আৰু যুৱ অংশগ্ৰহণ নিশ্চিত কৰা।
নাৰী ক্ষমতা সমিতি, আত্মনিৰ্ভৰ গোট গঠন। নাৰী ক্ষমতা সমিতিয়ে মহিলাৰ সামাজিক নিৰাপত্তা আৰু বিকাশৰ লগতে নাবী সৱলীকৰণৰ দিশত কাম কৰিব। ডিজিটেল শিক্ষা আৰু উদ্যমিতা বিকাশৰ বাবে অনলাইন আৰু অফলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা।
শিক্ষা, স্বাস্থ্য আৰু পুষ্টি
বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু আঙ্গণৱাড়ী কেন্দ্ৰসমূহক পি আব আইৰ তত্বাৱধানলৈ অনা।পুষ্টি, স্বচ্ছতা আৰু স্বাস্থ্য সজাগতা বৃদ্ধিৰ কামত জাতীয় সেৱক বিদ্যালয়ত পুষ্টি উদ্যান (Nutrition Garden) গঢ়াৰ আঁচনি গ্রহণ।
স্থানীয় আন্তঃগাঁথনি
স্থানীয় পথ, বিশুদ্ধ খোৱা পানী, পোহব, নলা নির্মাণ আদিত গাঁওবাসীৰ মতামতক অগ্রাধিকাৰ। পঞ্চায়তৰ দ্বাৰা কার্য সম্পাদন আৰু পৰীক্ষা নিশ্চিত কৰা। বিশেষভাৱে বান আৰু খৰাং প্ৰৱণ অঞ্চলৰ বাবে জলবায়ু-সহনশীল আন্তঃগাঁথনি উন্নয়নত বিশেষ ধ্যান দিয়া। ভাষা, সংস্কৃতি আৰু পৰম্পৰা অসমীয়া তথা অসমৰ অন্য থলুৱা ভাষা যেনে মিছিং, বড়ো, কার্বি, ডিমাছা, তিৱা, ৰাভা আদিৰ সংৰক্ষণ আৰু বিকাশৰ অৰ্থে পঞ্চায়ত ভিত্তিত সচেতনতা অভিযান গ্রহণ কৰা।
স্থানীয় সাংস্কৃতিক উৎসব, লোকসংগীত, শিল্প আৰু নৃত্যৰ বিকাশত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ পুঁজি ধাৰ্য্য কৰা। লোক সংস্কৃতি পাঠশালা গঠন। সকলো অসমীয়া মানুহক অনাঅসমীয়া মানুহৰ সৈতে কেৱল অসমীয়া ভাষাত কথা-বতৰা পাতিবলৈ উৎসাহিত কৰাৰ অৰ্থে গাঁৱে গাঁৱে সজাগতা অভিযান চলোৱা। গ্রাম্যাঞ্চলত বসবাসৰত অনা অসমীয়া মানুহক অসমীয়া ভাষা চর্চাৰ বাবে উৎসাহিত কৰা। ভ্রাম্যমান থিয়েটাৰ, নাট্য সংস্থা, সাহিত্য-সংস্কৃতিৰ মঞ্চ আদিক উৎসাহ আৰু উদগনি যোগোৱা। পৰিৱেশ সংৰক্ষণ আৰু স্থানীয় সম্পদ ব্যৱস্থাপনা। বালি উত্তোলন, জলাশয়, বনজ সম্পদ আদিৰ ব্যৱস্থাপনা পঞ্চায়তীৰাজ সংস্থাৰ অধীনলৈ অনাত অগ্ৰাধিকাৰ দিয়া।
সেউজ গাঁও অভিযান চলাই গছ ৰোপন আৰু বায়ু-পানী সজাগতা সৃষ্টি কৰা। পৰিৱেশ সংৰক্ষণক মৌলিক কর্তব্য হিচাপে বিবেচনা কৰিবলৈ গাঁবে গাঁরে সচেতনতা অভিযান চলোৱা। পৰিৱেশ প্ৰদূষণৰ প্ৰতি চকু ৰাখিবলৈ গাঁৱে গাঁৱে নামেৰে স্বেচ্ছাসেৱক নিয়োগ। পি আৰ আই-ৰ অধিকাৰ আৰু আইনী স্বায়ত্তশাসন। পঞ্চায়তৰ আইনী ক্ষমতা আৰু পূর্ণ বিকেন্দ্ৰীকৰণ নিশ্চিত কৰা। ন্যায় পঞ্চায়ত গঠন, য’ত স্থানীয় সৰু বিবাদ আৰক্ষী বা আদালতব ওচৰলৈ নোযোৱাকৈ সমাধান কৰা।জিলা পৰিকল্পনা সমিতি (District Planning Committee), জিলা উন্নয়ন সমিতি (District Development Committee) জিলা পৰিষদ আৰু উন্নয়ন আঁচনিত পঞ্চায়তীৰাজ প্রতিষ্ঠানব নির্বাচিত প্রতিনিধিসকলৰ অংশীদাৰিত্ব নিশ্চিত কৰা হ’ব।
আমাৰ অঙ্গীকাৰ
গাঁৱে চলাব শাসন
গাঁৱে গঢ়িব নিজৰ ভাগ্য
গাঁৱে উজলাব অসম
আমাৰ সপোন
AJP-য়ে অসমৰ গাঁওসমূহ এনেদবে হোৱাটো বিচাৰে য’ত থাকিব –
শূন্য দৰিদ্ৰতা
শূন্য কর্মহীনতা
শূন্য প্রদূষণ
শূন্য দুর্নীতি
শূন্য মিথ্যাচাৰ
শূন্য শত্রুতা
শূন্য অসমতা
শূন্য সাম্প্রদায়িকতা
শূন্য অসহনশীলতা
শূন্য অস্পৃশ্যতা
অসম জাতীয় পৰিষদক ভোট দিয়া মানে –
গাঁৱলৈ অধিক ক্ষমতা, গাঁওবাসীৰ অধিকাৰক স্বীকৃতি আৰু গাঁৱৰ বিকাশৰ জৰিয়তে অসম আৰু ভাৰতৰ বিকাশৰ পক্ষত ভোট দান। লগতে আদর্শ, পৰিশীলিত আৰু সমন্বয়মুখী (Inclusive) জাতীয়তীবাদী ৰাজনীতিক উৎসাহিত কৰা।পঞ্চায়ত বাজ প্রতিষ্ঠান (PRI) লৈ অধিক ক্ষমতা হস্তান্তৰ: কেনেকৈ সম্ভৱ? ভাৰতীয় সংবিধানৰ ৭৩তম সংশোধন আইন, ১৯৯২ অনুসৰি, অসমত পঞ্চায়তীৰাজ ব্যৱস্থাক সম্পূর্ণ স্ব-শাসন প্রদানৰ স্বাৰ্থত সংবিধানৰ একাদশ অনুচ্ছেদত অন্তর্ভুক্ত ২৯টা বিষয়ৰ ক্ষমতা, দায়িত্ব আৰু কর্তৃত্ব বাজা চৰকাৰে আইন ৰচনাৰ জৰিয়তে পঞ্চায়তীৰাজ প্রতিষ্ঠান (PRI)-সমূহক হস্তান্তৰ কৰিব লাগে। অর্থাৎ বর্তমানে অসম চৰকাৰৰ হাতত থকা উক্ত ২৯ টা বিষয়/বিভাগৰ কর্তৃত্ব ৰাজ্যৰ পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ হাততহে থাকিব লাগে। কিন্তু অসম চৰকাৰে উক্ত দায়িত্বসমূহক পঞ্চায়তৰ হাতলৈ হস্তান্তৰ নকৰি প্ৰকৃততে ভাৰতীয় সংবিধানৰ বিধানক উলংঘা কৰি আছে। অসম চৰকাৰৰ নিম্নোক্ত বিভাগ/বিষয়সমূহ পঞ্চায়তৰ হাতলৈ হস্তান্তৰ কৰিবলৈ সংবিধানৰ ৭৩তম সংশোধন আইনত কোৱা হৈছে:
১. কৃষি আৰু কৃষি সম্প্ৰসাৰণ।
২. ভূমি উন্নয়ন, ভূমি সংস্কাৰ, ভূমি সংহতি আৰু ভূমি সংৰক্ষণ।
৩. সৰু নর্দমা-নলা, পানী ব্যৱস্থাপনা, জলধাৰা উন্নয়ন।
৪. গোপালন আৰু দুগ্ধ উন্নয়ন (অর্থাৎ পশুপালন বিভাগৰ অংশ)।
৫. মৎস্য উৎপাদন।
৬. সামাজিক বনানীকৰণ।
৭. ক্ষুদ্র বনজ সম্পদ।
৮. ক্ষুদ্র উদ্যোগ, খাদ্য প্রক্রিয়াকবণ উদ্যোগ।
৯. খাদী আৰু গ্রামোদ্যোগ, কুটিৰ শিল্প।
১০. গ্রাম্য গৃহ নির্মাণ।
১১. খোৱা পানী।
১২. পৰম্পৰাগত ইন্ধন। আৰু গাহৰি পালন।
১৩. ৰাস্তাঘাট, কালভার্ট, দলং, জলপথ আৰু যোগাযোগৰ আন মাধ্যম।
১৪. গ্রামীণ বিদ্যুৎ (পৰিৱেশনসহ)।
১৫. বিকল্প শক্তি উৎস।
১৬. দাৰিদ্র্য নিবাৰণ আঁচনি।
১৭. শিক্ষা (প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সহ)।
১৮. প্রযুক্তিগত আৰু ব্যৱসায়িক প্রশিক্ষণ।
১৯. প্রাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা।
২০. পুথিভঁৰাল।
২১. সাংস্কৃতিক কার্যকলাপ।
২২. বজাৰ আৰু মেলা।
২৩. স্বাস্থ্য আৰু স্বচ্ছতা (প্রাথমিক স্বাস্থ্য কেন্দ্র, ঔষধালয়সহ)
২৪. পৰিয়াল কল্যাণ।
২৫. মহিলা আৰু শিশু বিকাশ।
২৬. সামাজিক কল্যাণ (প্রতিবন্ধী আৰু মানসিকভাবে অসুস্থ লোকসকলৰ কল্যাণসহ)।
২৭. দুর্বল গোট আৰু বিশেষকৈ অনুসূচিত জাতি/জনজাতিৰ কল্যাণ।
২৮. ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS)।
২৯. সামূহিক সম্পদ সংৰক্ষণ।