Local, Vocal, Global

Assam HSLC Exam 2024 : প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা

নিউজ ডেস্ক, ৩০ জানুৱাৰী : আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি ছেবাৰ(Assam HSLC Exam 2024)। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা। গণিত ইংৰাজী,সাধাৰণ বিজ্ঞান,সমাজ-বিজ্ঞানত থাকিব OMR শ্বীট ।

OMR শ্বীটত সন্নিৱিষ্ট থাকিব ৫০ শতাংশ প্ৰশ্ন । OMR শ্বীটত ১ নম্বৰৰ ৪৫ টা প্ৰশ্ন থাকিব । পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ । অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৪৫ নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত(SEBA issues important notice for students) ।

বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব ১০ নম্বৰ । OMR শ্বীটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম । পৰীক্ষা সম্পৰ্কে ছেবাৰ সচিব এন এন নাথে কয়, ‘‘ এইবাৰ মেট্ৰিক পৰীক্ষাত গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । যোৱা বছৰৰ পৰা গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত ৫০ শতাংশ প্ৰশ্ন বস্তুনিষ্ঠ (অৱজেক্টিভ) কৰা হৈছিল । এইবাৰ অৱজেক্টিভ প্ৰশ্নৰ উত্তৰ বহীৰ পৰিৱৰ্তে OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।’’

লগতে পঢ়ক : ULFA (I) Interrogation: Explosive Confession of Spy Manash : পুনৰ গুপ্তচৰ মানস বৰগোহাঁইৰ ভিডিঅ’ প্ৰেৰণ !